নিজৰ সৈতেই সুখী হোৱা
হাঁহিব খোজা যদি হাঁহা নিজৰ বাবেই
কাৰণ সুখ বোৰ যদি আনৰ মাজত বিচাৰা
দুখী হ'বা তুমি নিজৰ অজ্ঞাতেই...।
তেওঁ তোমাক বুজিব বুলি অপেক্ষা নকৰিবা
পাৰা যদি নিজক বুজাই লোৱা সময় থাকোঁতেই
সুখ বোৰ বুতলিব শিকা নিজৰ বাবেই।
সময় বোৰ তোমাৰ হাতত
সুন্দৰ কৰাটো তোমাৰ দায়িত্ব,
ভাল লগা বোৰকে উজ্বলাই তুলি
আগুৱাই যোৱাটোৱে তোমাৰ কৰ্তব্য।
একাকীত্বক আঁকোৱালি লৈও
সুখী হব খোজা সেইবাবে
পাহৰি অহংকাৰী সময়ৰ মলিন দিনবৃত্ব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ