ভাইটি -ইৰাণী বৰগোহাঁই

©Admin
0
বন্ধু তোমাক বহু দিন পিছত লগ পাই ভাল লাগিল । তোমাৰ যে ভাইটি‌ এটা আছিল সি কেনে আছে ,ভাল নে তাৰ ? 
          ভাইটি....। কি হ'ল বন্ধু ৰৈ গলা যে ।
নাজানো বন্ধু ভাইটি জোনবাইৰ দেশত কেনে আছে । ভাল কৈ আছে চাগে । যেতিয়া ৰাতি আকাশত তৰা বোৰ ওলাই, তেতিয়া মই আটাইতকৈ উজ্বল তৰাটোক চাও ,সিও মোৰ লৈ চায় হাঁহি এটা মাৰে । হঠাৎ কলীয়া ডাৱৰ আহি সেই চাৱনি মোৰ পৰা বহুত দূৰত লৈ যায় । 
         জানা বন্ধু সি মোৰ সুখ দুখৰ লগতে মোৰ প্ৰতিটো কথাৰ লগৰী আছিল । মই যেতিয়া তাৰ ওচৰত গৈছিলো মোৰ বহুত পলম হৈছিল । সি তেতিয়া দীঘ‌নিদ্ৰাত আছিল । মই উঠ উঠ বুলি কৈছিলো কিন্তু সি চোন চকু জুৰি মেলিব ইমান বে‌য়া পালেনে । মোক দাদা বুলি মাতিব ইমান বে‌য়া পায় । তাক মই যিমান পাৰোঁ চিঞৰি চিঞৰি মাতিছিলো ভাইটি ...ভাইটি ...। সি এষাৰো মাত নিদিয়াকৈ মোক ঘূৰিও নাচায় সি গুচি গৈছিল অজান দেশলৈ । 
আৰু তাক চিতাত উঠাই দিয়া হৈছিল । মই সেই দৃশ্য চাব পৰা নাছিলোঁ । চিতাৰ জুই ধুম ধাম শব্দবোৰ শুনিব পৰা নাছিলোঁ ।
হাতেৰে কাণ দুখন তানকৈ হেচি মই পাগলৰ দৰে ইফালৰ পৰা সিফালে দৌৰি ফুৰিছিলো । তাৰ চিতাৰ জুই কুৰা ইমান ডাঙৰকৈ জলিছিল যে ম‌ই নয়ন ভৰি চাব পৰা নাছিলোঁ । কাণ দুখন হাতেৰে হেঁচা মৰাৰ ফলতো ম‌ই সেই শব্দ শুনা পাইছিলো যি শব্দ এতিয়াও মোৰ কাণত ৰিনি ৰিনি ৰিনিকী বাজি থাকে ...। দাদা মোৰ গাতো পুৰিছে মই সহ্য কৰিব পৰা নাই । মোক লৈ যাহি ত‌ই আহ আহ দাদা ....।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)