১৭ অক্টোবৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৫টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
১/ আজিৰ দিনটোতে ১৮৩১ চনত ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডেই ডাইনামো আৱিষ্কাৰ কৰে।
২/ আজিৰ দিনটোতে ১৯১৯ চনত ভাৰতত খিলাফৎ দিৱস উদযাপন কৰা হয়।
৩/ আজিৰ দিনটোতে ১৯২০ চনত ভাৰতবৰ্ষত কমিউনিষ্ট পাৰ্টী প্ৰতিষ্ঠা কৰা হয়।
৪/ আজিৰ দিনটোতে ১৯০০ চনত অসমীয়া সিংহ পুৰুষ
ৰাধাগোবিন্দ বৰুৱাৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৯৪১ চনত ভাৰতীয় চলচ্চিত্ৰ, মঞ্চ আৰু টিভি অভিনেত্ৰী সৰিতা যোশীৰ জন্ম হৈছিল।
৬/ আজিৰ দিনটোতে ১৯৮৯ চনত অসমীয়া শিল্পী যুগল দাসৰ মৃত্যু হৈছিল।
৭/ আজিৰ দিনটোতে ২০১৯ চনত অসমৰ ভাস্কৰ্য-শিল্পী হেলা দাসৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ