আকাশৰ জোনেও মাতিব তোমাক — যিচু শংকৰ দাস

©Admin
0
নিশা নিশা আন্ধাৰত মোৰ টোপনি হেৰায়,
গুচি যায় তোমাৰ সপোন বাটেৰে,
তোমাৰ অলকাত ঢৌ তুলি মোৰ দুচকুৰ সাগৰৰ দুখৰ ঢৌৱে,
দুখে উজাই তোমাৰ চোতাল পাই
চোতালত বহা তুমি কবিতাৰ ঢৌ তুলি,
সেই নিশাবোৰ তোমাৰ প্ৰেমিক হৈ উঠে,
চিঞৰি উঠে আকাশৰ জোনে
ভালপোৱা পাওঁ তোমাক,বৰ ভাল পাওঁ ।।



তুমি আছিলা
প্ৰথম প্ৰেমৰ বিশেষ অনুভূতি,
কোনোদিনেই শেষ নোহোৱা অমৰ স্মৃতি,
তুমি সপোনত বাৰেপতি আহিছিলা,
 একোকে নোকোৱাকৈয়ে গুছি গৈছিলা।
 



নুবুজিলো......,একোকে নুবুজিলো,
নোৱাৰিলোঁ তোমাৰ মনসাগৰত লহৰ তুলিব,
কিয় নোৱাৰিলোঁ তুমি নোকোৱাৰ দৰেই 
নুশুধিলো মইও,
জীৱনৰ বাটেৰে পথচাৰী যৌৱন আহিছিল
তোমাৰ প্ৰেম বৃক্ষৰ তলত ভাগৰত জিৰাইছিল,
নবলিল মৰমৰ বা ।
তোমাৰ অৱজ্ঞাত জ্বলি ছাই মোৰ যৌৱন ।
তোমাৰ মন পৃথিৱীত অনিচ্ছাৰ বা- মাৰলি,
ছিঙি ভাঙি উৰুৱাই নিলে মোৰ বুকুৰ জুপুৰি।।



ভাৱনাত অকা যায় ছবি
নাম ৰাখোঁ তুমি ।
হয়তো তোমাৰ আপত্তি থাকিব
তুমি বিশেষণক লৈ,
নোৱাৰোঁ তোমাক অসন্তোষ দিব ,
তোমাৰ অৱজ্ঞাৰ চাৱনিৰেই অসন্তোষ মচি লৈ আহিম তোমাৰেই প্ৰিয় শব্দ সাতুৰি-নাদুৰী নতুবা টানি আজুৰি,
প্ৰতিদানত যদি সৰে হাঁহি হয়তো নহ'ব কোনো মোতকৈ সুখী।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)