অনুভূতিৰ পৰশত —দানিয়েল ওৰাং

©Admin
0
জানানে আজি তোমালৈ বহুত মন পৰিছে 
তোমালৈ কিবা লিখিব মন গৈছে 
বাৰু কি লিখিম? 
যা কি ভাবিছো এয়া যে হৃদয়ৰ 
মাজৰ পৰা নিঃশেষ হোৱা যেন অনুভৱ হৈছে। 
মোৰ হৃদয়ৰ ডায়েৰীত কি আছে ভাবিয়েই পোৱাই নাই 
তুমি আহিছিলা যে সিদিনা
মোৰ জীৱনলে এটি মিঠা সপোন হৈ 
এই সপোনটোক যেন আজীৱন লগৰী কৰি ৰাখিব বিচাৰিছো মই
মোৰ হৃদয়ৰ বন্ধ কোঠালীত 
এজাক বৰষুণেৰে আৰম্ভ হৈছিল 
আমাৰ প্রেমৰ সুন্দৰ কাহিনী ।
সেই বৰষুণজাক আজিও তোমাৰ প্রিয় নে
সেই যে বৰষুণৰ লগত একাপ চাহ
সেই যে headphone ডাল 
আৰু যে সেই romantic গান টি
আজিও তোমাৰ সিমানেই প্রিয় নে?
সময়ৰ সোঁতত সকলো বিলীন হৈ গ'ল।
জানিব মন যায় জানা 
কেতিয়াবা তোমাৰ কথা জানিব মন যায় কেতিয়াবা 
সেই যে তোমাৰ অভিমানবোৰ 
সেইবোৰ জানো সঁচাকৈয়ে
মোৰ বাবেই আছিল সেই সপোনবোৰ জানা ।
তোমাৰ নামটো মোৰ কৰি লোৱাৰ
কিন্তু হঠাৎ যে সেই বতাহজাকে 
সকলো কাটি লৈ গ'ল।
মোৰ সপোনৰ সেই সুন্দৰীজনীৰ 
সেই ভাল লগা সময়বোৰক 
এতিয়া যেন চকুপানীয়েই মোৰ লগৰী হৈ পৰিল ।
তোমাৰ ব্যস্ততাপূৰ্ণ জীৱন যে 
মই এক সামগ্ৰীহে হৈ পৰিলো
বুজিব পাৰিলো যে তোমাৰ জীৱনৰ
মই এক অলাগতিয়াল পদাৰ্থহে হৈ ৰ'লো
Mobile টোলৈ চাই চাই জানো কেতিয়াবা 
আমনিয়েই লাগি যায়। 
ভাবো কেতিয়াবা তোমাৰ massage আহিব বুলি 
কিন্তু এনেই আশা কৰি থাকো যেন লাগে 
তথাপিও যেন মনত বিশ্বাস 
তুমি উভতি আহিবা এদিন?
কিন্তু জানো মই এইবোৰ যে মোৰ ব্যৰ্থ আশা 
সেয়ে ভাগৰিছো এতিয়া 
আৰু তোমাৰ অপেক্ষাত।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)