সুখী মানুহ — ৰাতুল চেতিয়া ফুকন

©Admin
0
আমি নিম্ন বিত্ত
কম্প্ৰমাইজ
কিছু এৰাধৰা
আমাৰ জীৱন ।
দুচকীয়া বাহনত
চাৰিচকীয়াৰ অনুভৱ লৈ
ভ্ৰমণ বিলাস।
সাধাৰণ ঘৰটোৰ ভিতৰতে 
অট্টালিকাৰ টোপনি ।
আমাৰ সপোনতো
কম্প্ৰমাইজ 
কিছু এৰাধৰা 
কাৰণ আমি নিম্ন বিত্ত।
আমাৰ আকাঙ্খা
আমাৰ অভিলাস
আমাৰ প্ৰেম আমাৰ ভালপোৱা 
সকলোতে কম্প্ৰমাইজ 
কিছু এৰাধৰা 
কাৰণ আমি নিম্ন বিত্ত।
হ'লেও আমি 
উচ্চাকাংক্ষাৰ পাছত দৌৰি 
নিজক বিক্ৰী নকৰা
একো একোজন সুখী মানুহ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)