পূজাৰ সময়ত পাৰিলে আহিবা এপাক
দেবীৰ বন্দনা ৰে মুখৰিত বেদীৰ ওচৰত
গৈ একেলগে মাৰ আশীষ ল'ম
বিপদ বিঘিনি নেওচি চিৰদিন এক হোৱাৰ।
পাৰিলে সন্ধিয়া সময়ত আহিবা
খংঙ্খ ঘন্টা বৰকাহেৰে মুখৰিত হৈ পৰা
ধূপ ধূনা ৰ সুগন্ধি বিয়পি পৰা এটি সন্ধিয়া ত
দেবীৰ ওচৰত সন্ধ্যাৰতী চাম একেলগে ।।
তাৰ পিছত সৌ ফুচকাৱালা জনৰ ওচৰলৈ যাম
তোমাৰ প্ৰিয় ফুচকা দুয়ো একেলগে
মন ভৰাই খাম লগতে কিছু বাৰ্তালাপ কৰিম।
মিঠাই দোকান ৰ পৰা গৰম গৰম জোল বৈ যোৱা
জিলাপী কিনি খাম আৰু গোটেই পূজা থলী এপাক ঘূৰিম।
আমাক দেখি আনে ৰ' লাগি চাব আৰু ক'ব
ইহঁতক একেলগে ইমান ধুনীয়া লাগিছে অ.....
ঘুৰি ফুৰি ভাগৰত জুৰুলা হৈ পৰা দুটি দেহ লৈ
শুভ্ৰ জোনৰ পোহৰত ঘৰলৈ উভতিম ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ