কৰবীৰ কল্পনাৰ আক্ৰোশ -ৰিতুপৰ্ণ শৰ্মা

©Admin
0
অকুপ্য সদৃশ অচিন ঠাইত 
মধুচত্ৰিকাত লগ পাইছিলো 
নিজৰ তন্ময়তাৰ কায়িক স্বপ্নৰ নাঁওখনিত
মই তাইক অংকিত কৰিছিলো চিত্ৰকৰৰ ৰূপত ,
কল্পনা আৰু বাস্তৱৰ মাজত সাদৃশ্য কৰিবলৈ সময়ৰ অভাৱ 
কল্পনাৰ মূধচখন খুলি দেখিলো
বাস্তৱৰ ৰহস্য কি
সপোনৰ সম্ভাৱনাৰ ৰঙত 
গভীৰভাৱে সোমাই পৰিলো
ৰামধেনুৰূপী জীৱনৰ ৰঙৰ প্ৰলেপ সানিবলৈ
তোমাক দেখিলে অন্তৰৰ অনুভূতি 
এমুঠি স্মৃতিৰ শুকান পাত ।
 
  ✍️ৰিতুপৰ্ণ শৰ্মা
     বেলতলা নামঘৰ পথ
                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)