৬ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৭তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল
১/ আজিৰ দিনটোতে ১৯২২ চনত ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, নাট্যকাৰ তথা চিত্ৰনাট্যকাৰ এম. কে. বিনোদিনী দেৱীৰ জন্ম হৈছিল।
২/ আজিৰ দিনটোতে ১৯৫৫ চনত অসমীয়া কবি, কথাশিল্পী, চিত্ৰকৰ তথা সমাজকৰ্মী সমীৰ তাঁতী দেৱৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে
১৯৩১ চনত ভাৰতীয় অধিবক্তা। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৰ মৃত্যু হৈছিল।
৪/ আজিৰ দিনটোতে
১৯৪৬ চনত ভাৰতীয় বিজ্ঞানী, অধ্যাপক আৰু চিকিৎসক উপেন্দ্ৰনাথ ব্ৰহ্মচাৰীৰ মৃত্যু হৈছিল।
৫/ আজিৰ দিনটোতে ১৯৬৪ চনত ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী
ৰাজকুমাৰী অমৃত কৌৰৰ মৃত্যু হৈছিল।
৬/ আজিৰ দিনটোতে ২০২২ চনত ভাৰতৰ নেপথ্য গায়িকা লতা মংগেশকাৰৰ মৃত্যু হৈছিল।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ