মন আছিল ••হীৰক জ্যোতি দাস

Rinku Rajowar
0
মন আছিল ভালপোৱাৰ
 হৃদয়ৰ খবৰ তোমাক দিয়াৰ 
আলফুলে ৰাখিলোঁহেতেন হৃদয়ৰ উমেৰে 
বুকুৰ উদং পথাৰ খনত তুমি নামৰ বীজ ৰূপন কৰিবলৈ মন আছিল 
মন দেৱালত তোমাৰ নামটি খোদিত কৰিবলৈ 
 মন আছিল 
নিসংগ হৃদয় খনত প্ৰণয়নৰ আবিৰ সানিব মন আছিল 
জোনাকী জনীক সাক্ষী কৰি তোমাৰ সৈতে অনৰগল কথা পাতিব মন আছিল 
কোনোবা নৈৰ ঘাটত ৰৈ তোমাৰ সৈতে 
লহিওৱা বেছিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ মন আছিল।
মন আছিল সন্ধিয়াৰ আকাশেৰে  মুক্ত‌ মনে উৰি যোৱা ঘৰমুৱা পখী জাক চাবলৈ 
মন আছিল মনৰ মাজত অহৰহ বৈ থকা ভালপোৱা নামৰ নৈ খনৰ উমান তোমাক দিবলৈ 
নিসংগ হৃদয়ৰ বিননিৰ ঝংকাৰ তোমাক শুনাবলৈ মন আছিল 
 
          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)