আত্মজা •• মাৰ্জিনা বেগম

Rinku Rajowar
0
পুৰণি ডায়েৰীৰ ভাজত 
ছবি এখন পাইছিলো ।
ছবিখন  ধুনীয়া নাছিল ,
আছিল তাত অন্য এখন পৃথিৱী।

 বুকুত সাগৰৰ বিশালতা 
দুচকুত দিগন্ত বিয়পা আকাশ 
মুক্ত চুলিকোচাত মেঘৰ খেলা 
এখন হাতত জোন বেলি তৰা 
আনখনত সংসাৰ 
পিন্ধনত বৈ গৈছে নৈ 
কান্ধত বহি আছে শান্তিৰ কপৌ ।

কি অদ্ভূত নহয় নে!
একাষে ফুলি আছে শতফুল
আনকাষে ফুলিছে বেলি
অথচ ভৰি দুখন মাটিত নাই 
 হয়তো মহাশূণ্যত ভাহিছে 
কিন্তু তাত ডাঠ ক'লা ৰঙৰ বাহিৰে 
মহাজাগতিক বৈশিষ্ট্য একোৱে নাছিল।

কাৰ ইমান যাদুকৰী  পৰশ 
চাওঁ বুলি লুটিয়াই দিলোঁ সিখন পৃষ্ঠা 
এয়া কি ! মাত্ৰ এখিলা শুকান পাত
 পাতখিলা আঁতৰাই দিওঁতে ওলাই পৰিল 
অতদিনে লুকুৱাই থোৱা আত্মজা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)