অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ অনুভৱী একলম-জ্যোতিষ্ক বৰুৱা

©Admin
0
ৰাজনৈতিক ক্ষেত্ৰখনত নিজৰ কৰ্ম দক্ষতা, বিচক্ষণতাৰ জৰিয়তে কেৱল অসমতেই নহয় সমগ্ৰ দেশখনতে এক চিনাকী নাম অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।  যিজন ব্যক্তিয়ে নিজৰ সক্ৰিয় কাৰ্যপন্থাৰে দেশখনত নিজৰ নাম জনপ্ৰিয়তাৰ শিখৰলৈ তুলি ধৰি জনতাৰ মাজত বুকুত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান ৰাজনৈতিক মঞ্চ খনত উত্তৰ-পূৰ্বাঞ্চলৰ  ৰাজনীতিৰ চানক্য নামে খ্যাত সন্মানীয় মুখ্যমন্ত্রী ডাঙৰীয়াই বৰ্তমান নিজকে দেশবাসীৰ সন্মুখত এজন জনপ্ৰিয় নেতা ৰূপে জিলিকাই তুলিবলৈ সক্ষম হৈছে।  যি জন ব্যক্তিৰ কৰ্ম, অভিনৱ-চিন্তা, উদ্যমীতাৰ নিভাঁজ সানিধ্যত বৰ্তমান অসম তথা উত্তৰ-পূৰ্বাঞ্চলে উন্নয়ন আৰু বিকাশৰ ধাৰাৰে এক নতুন দিশেৰে গতি কৰিছে। অসমৰ এজন সুযোগ্য সন্তান হিচাপে ৰাজ্যখনক সৰ্বাংগীন সুন্দৰ কৰি তোলাৰ প্ৰচেষ্টাৰে যেন তেখেতৰ চেষ্টাৰ কোনো ক্ৰটি নাই। এই ক্ষেত্ৰত ৰাজ্যখনৰ ভিতৰত উজনি অসমৰ প্ৰধান চহৰ ডিব্ৰুগড় খনক এক আতক ধুনীয়া সুপ্ৰসিদ্ধ মহানগৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াসৰ লগতে ৰাজ্যখনৰ দ্বিতীয় খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ সংকল্প কে মিনি সচিবায়লয়কে ধৰি ডিব্ৰুগড় বিমান বন্দৰক এক আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ কাম হাতত লৈছে। ডিব্ৰুগড়ৰ দৰে ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ চহৰখনক এক নতুন ৰূপেৰে গঢ়াৰ মানসিকতাৰে অভিনৱ পন্থা হাতত লৈছে। ডিব্ৰুগড় জিলা খনত থকা আহোম যুগৰ ময়ডাম সমূহ, দৌল, দেৱালয় পুখুৰী আদি সংৰক্ষণকে ধৰি আহোম যুগৰ তিপাম অঞ্চলৰ দেওশালি থানক এক বিশেষ আকৰ্ষণীয় পৰ্যটন স্থলী ৰূপান্তৰ কৰাত বাস্তৱতাৰ সঠিক দিশৰ প্ৰকাশ ঘটিছে। লগতে চৰাইদেউ  জিলাৰ চৰাইদেউ ময়দাম স্থলীক আন্তৰাষ্ট্ৰীয় পৰ্যটন স্থলীৰে মৰ্যদাপূৰ্ণ বিশ্বৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু ৰূপে উত্থান আনিবলৈ সৰ্বতো প্ৰকাৰে সক্ষম হৈছে। অসমৰ বিভিন্ন জিলা সমূহত যুগ-যুগান্তৰৰ পৰা থকা পুৰনিকলীয়া কিন্তু চিহ্নবোৰ সংৰক্ষণৰ লগতে ইয়াৰ স্থলীৰে সুন্দৰ ৰূপত গঢ়ি তোলাত তেখেতৰ নেতৃত্বত আৰু নেতৃত্বাধীন চৰকাৰখনে অহোপুৰুষাৰ্থ কৰি আহিছ।
তাৰোপৰি তেখেতৰ চিন্তাৰ মাপকাঠিৰে অসমত শিক্ষা খণ্ডৰ মানদণ্ড  সঠিক দিশেৰে লৈ যোৱাৰ প্ৰয়াসেৰে যথেষ্ট ভূমিকা পালন কৰি আহিছে। জিলা সমূহত মেডিকেল কলেজ স্থাপনৰ লগতে বিভিন্ন পাঠ্যক্ৰম সংযোজন, অন্যান্য স্কুল, কলেজ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বহুখিনি কাম কৰি আহিছে। 
তাৰ লগতে যাতায়াত, উদ্যোগিক, বানিজ্যিক, 
স্বাৱলম্বীতাৰ দিশ সমূহত প্ৰয়োজনীয় মাত্ৰা প্ৰদান কৰিছে। 
ইয়াৰ ওপৰিও এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে ছেমিকণ্ডাক্টৰ, ডীপ টেকন'লজী, আন্তঃগাঁথনি আৰু নিৰ্মাণ আদি খণ্ডত ৰাজ্যৰ বৰ্ধিত সম্ভাৱনাৰ দিশৰ লগতে উন্নত উদ্যোগ আৰু উদ্ভাৱনৰ দিশত অসমক এক উদীয়মান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠাৰ বাবে বিভিন্ন বৈদেশিক ৰাষ্ট্ৰৰ লগত নিয়োগ-বিনিয়োগ নীতিৰে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলকেই দেশৰ ভিতৰতে সুউচ্চ ৰূপত জিলিকাই তোলাৰ ক্ষেত্ৰত হাত উজান দিছে আৰু ইতিমধ্যে অন্য উন্নত কিছু বৰ্হি ৰাষ্ট্ৰ সমূহৰ পৰা বিশেষ ভাৱে সহাঁৰি লাভ কৰিছে। 
অসম তথা অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লক্ষ্যৰে ভূমি নীতি গ্ৰহন কৰি "মিছন বসুন্ধৰা"ৰ জৰিয়তে খিলঞ্জীয়া সকলক ভূমি পট্টা প্ৰদানত তেখেতে অত্যন্ত সুন্দৰ ভূমিকা পালন কৰি আহিছে। স্বৰ্গদেউ চুকাফাৰ অতীতৰ "বৰ অসম" গঢ়াৰ সপোনক যেন পুনৰ উজ্জ্বীৱিত কৰি তাক বাস্তবায়িত কৰাৰ যেন লক্ষ্য ৰাখি তেখেতে ৰাজ্যখনৰ হ'তে দিনে-নিশাই কাম কৰাৰ অযুত সংকল্প গ্ৰহন কৰিছে। 
অসমৰ এজন অসমীয়া হিচাপে জাতিটোক পুনৰ সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰাত তেখেতে ৰাজ্যখনৰ বিভিন্ন দিশত বিকাশ আৰু উন্নয়নৰ বীজ সংৰোপন কৰি বিশাল ৰূপত দেশৰ বুকুত চিৰদিনৰ বাবে উজলাবলৈ খুজিছে। যি বীজৰ ফচলে দেশৰ ভিতৰতে অত্যন্ত জাকত জিলিকা হ'ব। তেখেতৰ কৰ্ম, দক্ষতা, চিন্তাৰ পৰিধি, বাকপটুতা,কৰি যোৱা কৰ্মৰ নিদৰ্শনৰ চানেকি প্ৰতিজন অসমবাসীৰ বাবে হওঁক এক অনুকৰণীয় প্ৰচেষ্টা। নল মৰি গঁজালি ওলোৱাৰ দৰে তেখেতে জাতিটোৰ বাবে কৰি যোৱা কৰ্মৰাজিৰ নিদৰ্শন বোৰ হওঁক সকলোৰে বাবে এক উৎকৃষ্ট নিদর্শনৰ সফল নমুনা। 

      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)