আপুনি কি কৰে-ধনঞ্জয় দাস

©Admin
0
 মই শ্ৰী দুৰ্লভ নাৰায়ণ দাস। গুৱাহাটী অভিমুখী গাড়ী এখনত উঠিবলৈ দোলাবাৰী চেণ্টাৰত আধা ঘণ্টা ধৰি ৰৈ আছোঁ। সৰু-ডাঙৰ বিভিন্ন ধৰণৰ গাড়ী ৰাস্তাৰে অহা-যোৱা কৰি আছে। চাইকেল চলাই গাঁৱৰ ডেকাবোৰ চহৰলৈ ঢাপলি মেলিছে। নিজৰ নিজৰ কৰ্মৰ উদ্দেশ্যত। দোকানবোৰতো গ্ৰাহকৰ ভিৰ। তামোল, পাণ, বিড়ী, চিগাৰেট, শিখৰ, বিমল, ৰজনীগন্ধাৰ প্ৰচুৰ বিক্ৰী হোৱা পৰিলক্ষিত হৈছে। য'তে-ত'তে পিক আৰু কাগজৰ টুকুৰা। গাড়ীৰ বাবে ৰৈ থকা আন কেইজনমান মানুহৰ লগত ময়ো ৰৈ ৰৈ ৰাতিপুৱাৰ ব্যস্ত পৰিৱেশৰ আমেজ লৈ আছোঁ। কিছুমান গাড়ীৰ হেণ্ডিমেনে আহি "দাদা, ক'ত যাব, ক'ত যাব" বুলি সুধি আছে। "নাই, ক'তো নাযাওঁ" বুলি কৈ কৈ সিহঁতক বিতাৰিত কৰি আছোঁ। কাৰণ বহুতো গাড়ীয়ে যাত্ৰীক আধা বাটলৈকে নি পাছত গাড়ী আৰু আগলৈকে নাযায় বুলি বিপদত পেলোৱাৰ বহুত নজিৰ আছে। গতিকে সঠিক গাড়ীত উঠাৰ চেষ্টা কৰাটো ভাল। অৱশ্যে মোৰ লগত কোনো ধৰণৰ বেগ নথকাত সিহঁতে মোৰ উত্তৰটো বিশ্বাস কৰা বুলি অনুমান হয়। গাড়ী লৈ বাট চাই চাই সময়খিনি এনেদৰেই পাৰ কৰি আছোঁ। তেনেতে আশাৰ অন্ত পেলাই নটামান বজাত ওৱাৰিছপিয়া নামৰ গাড়ী এখন আহি চেণ্টাৰত ৰ'লহি। গাড়ীখন গুৱাহাটীলৈ যাব। ভাগ্য ভাল যে গাড়ীখনত উঠিয়েই চিট এটা পালোঁ। চিটখনত ঠিকমত বহি লৈ নেদেখাজনক ধন্যবাদ যাচিলোঁ। কাৰণ তেজপুৰ বাছষ্টেণ্ডৰ পৰাই চিটবোৰ ভৰ্তি হৈ আহে। ৰ'ড চাইড অঞ্চলৰপৰা গাড়ীত উঠি চিট আশা কৰা টান। মোৰ কাষৰ চিটখনত খিৰিকিৰ কাষত দিপলিপ ছোৱালী এজনী বহি আছে। লগে লগে ভগবানক আৰু এটা ধন্যবাদ নাযাচি থাকিব নোৱাৰিলোঁ। কাৰণ দীঘলীয়া ৰাস্তা, বহিবলৈ চিট আৰু সুমধুৰ সংগ একেবাৰে হেট্ৰিক।
               খিৰিকিৰে বতাহ সোমাই  গোটেই গাড়ীখন শীতল কৰি পেলাইছে। গাড়ীৰ ভিতৰত ভৰপূৰ ব্যস্ততা। কোনোবা মোবাইলত, কোনোবা আকৌ কাষৰ চিটৰ সহযাত্ৰীজনৰ লগত। কথাৰ মহলা চলিছে। আমাৰ মাজত হ'লে কোনো কথা নাই। দুয়ো মনে মনে বহি আছোঁ। গাড়ী গৈ আছে। তাই খিৰিকিৰে বাহিৰৰ পৰিৱেশবোৰ উপভোগ কৰি আছে। আৰু মই তাইৰ অপৰূপ অংগসৌষ্ঠৱ আৰু ৰূপ-লাৱণ্য কবিতাত ফিটিং কৰাৰ যত্ন কৰি আছোঁ। গাড়ীখন গৈ কলিয়াবৰ তিনিআলিত ৰখোৱাৰ লগে লগে দুজন মানুহ গাড়ীখনত উঠিল। হেণ্ডিমেনজনে সুধিলে, "দাদা, ক'লৈ যাব?" উত্তৰ _ "নগাঁও লৈ।" তেনেতে মধুৰ কণ্ঠস্বৰ এটা ভাঁহি আহিল। মোক আচৰিত কৰি ছোৱালীজনীয়ে সুধিলে, "দাদা, ক'লৈ যাব?" "গুৱাহাটীলৈ যাম" বুলি কৈ লগে লগে তাইক সুধিলো, "আৰু আপুনি?" "ময়ো গুৱাহাটীলৈ যাম"_ তাইৰ উত্তৰ। এনেকৈয়ে দুই-এটা সৌজন্যমূলক কথা-বতৰা চলি থকাৰ মাজতে মনে মনে ভাবিলোঁ, " আজি যাত্ৰাৰ আৰম্ভণিতে কাক দেখি আহিছিলোঁ বাৰু! সিজনক বহুত ধন্যবাদ। সকলো শুভ ঘটনাই ঘটি আছে। ৰিটেন টেষ্টটোও ভালেই হ'ব যেন পাইছো।"
                আকৌ কিছু সময়ৰ মৌনতাৰ পিছত হেণ্ডিমেনজনে আহি ক'লে, "দাদা, ভাড়াটো দিয়ক।" লংপেণ্টৰ বেক পকেটৰপৰা পাৰ্ছটো উলিয়াই ভাড়াটো দিলো। তায়ো নিজৰ ভেনিটি বেগখনৰ ভিতৰত ভৰাই থোৱা পাৰ্ছখন উলিয়াই ভাড়াটো দিলে। পাৰ্ছটো চায়েই বুজিলো, তাই কিমান চহকী। হেণ্ডিমেনজন আন এজন যাত্ৰীৰ ওচৰলৈ গ'ল। এইবাৰ মই সুধিলো, "ক'ত নামিব?" "খানাপাৰা" তাই ক'লে। "ময়ো তাতে নামিম। আপুনি গুৱাহাটীত থাকে নেকি?" পিছৰ প্ৰশ্নটো কৰিলোঁ। "নহয়, মোৰ আজি এটা ৰিটেন টেষ্ট আছে। সেই কাৰণেই আহিলো।" _ তাই ক'লে। "আপুনি কিবা কামত আহিছে?" "হয়" মোৰ উত্তৰ। এইবাৰ ছোৱালীজনীয়ে মোক সুধিলে মোৰ জীৱনৰ সেই ভয়ানক প্ৰশ্নটো, যিটোৰপৰা মই সদায় আঁতৰি ফুৰাৰ চেষ্টা কৰোঁ। "দাদা, আপুনি কি কৰে?" যিটো প্ৰশ্নই মোক শক্তিশেলৰ দৰে আঘাত কৰে। যিটো প্ৰশ্নই মোক মনত পেলাই দিয়ে যে জীৱনত পয়ত্ৰিছটা বাৰিষাত তিতাৰ পাছতো ভগবানৰ কৰুণা বৰিষণৰপৰা বঞ্চিত হৈ আছোঁ। নিজৰ শেঁতাপৰা মুখখনৰে সেই অস্বত্বিকৰ প্ৰশ্নটোৰ উত্তৰ দিলো_ "নাই, একো নকৰোঁ। ময়ো ৰিটেন টেষ্ট দিব আহিছো। জীৱনত বহুত ইণ্টাৰভিউ দিলো। ক'তো একো নহ'ল। তথাপি আজি আকৌ আহিলো। কাৰণ আশাৰ ওপৰত সংসাৰ। তদুপৰি দেউতাই মোৰ ইণ্টাৰভিউৰ নামত উছৰ্গা কৰা বিশাল বাঁহনিডৰাৰ মূল্য কেনেকৈ দিম! চাকৰি এটাতো লাগিব।" 
                তাই অ'....... বুলি এনে এটা সুৰত ক'লে যে তাক হজম কৰাটো মোৰ কাৰণে কঠিন হৈ পৰিল। বেকাৰত্ব জীৱন যে কিমান দুৰ্বিসহ সেয়া মোৰ দৰে ভুক্তভোগীয়ে নিশ্চয় বুজিব। চাকৰিৰ মহাৰ্ঘ  বজাৰখনৰ ওপৰত ভাল বক্তৃতা দিয়া আদহীয়া চাকৰিয়াল মানুহৰ দৰে তাই ক'লে, "অ'..." মনটো বিষন্নতাই আৱৰি পেলালে যদিও মোৰ মনত অলপ সন্দেহ উপজিল। লগে লগে মই তাইক উভতাই সুধিলো _ "আপুনি কিবা কৰি আছে নেকি?" মোক হতভম্ব কৰি তাই ক'লে, "হয়, মই চৰকাৰী বিভাগ এখনত চাকৰি কৰোঁ।"
               কথাষাৰ শুনি চকুৰ আগত আন্ধাৰ নামি আহিল। বিছ-বাইছ বছৰীয়া ছোৱালী এজনী চৰকাৰী চাকৰী এটা কৰি থকা স্বত্বেও আৰু ভাল চাকৰি বিচাৰি আজি ৰিটেন টেষ্ট দিব আহিছে আৰু মোৰ ভাগ্যত আজিলৈকে সাধাৰণ চাকৰি এটাও নাই। মোৰ দৰে নিবনুৱা এজননো কি কামত লাগিব! তেনেতে খানাপাৰা, খানাপাৰা চিঞৰ শুনি সম্বিত ঘূৰি আহিল। 
                তাই সুধিলে, "দাদা, নানামে নেকি?" কোনো উত্তৰ নিদিয়াকৈ তাইৰ লগতে গাড়ীৰপৰা নামিলো। নজনাকৈয়ে মুখৰ ভিতৰতে আওৰালো, "ৰাতিপুৱা কাক দেখি আহিছিলোঁ, সকলো আমেজ নষ্ট হৈ গ'ল। ইণ্টাৰভিউ আৰু কিমান দিম? চাকৰিতো দুৰ্লভ নাৰায়ণ।"

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)