যদি থাকে কপালত দুখ
এটা দুৰ্দিনৰ পিছত সুদিন আহে বুলি
আমি কৰি গৈছো জীৱন নিৰ্বাহ
তথাপিও সুখৰ সন্ধান পোৱা নাযায়।
দিনৰ দিনটো সুৰু সুৰা কৰ্ম ব্যস্ততাৰে
অ'ৰ পৰা ত'লৈ ঘূৰিছো মাথোঁ ঘূৰিছো
এই ঘূৰণীয়া পৃথিৱীৰ তালে তালে
মাথোঁ সুখৰ সন্ধান পাবলে।
আনৰ উপকাৰ কৰিও ব্যৰ্থ হওঁ
সুখৰ সম্ভাৰ পাবলৈ।
সুখ জানো মানুহৰ অধীনত?
সুখী হ'ব খুজিলেই যদি সুখী হ'লে হয়
আজি সকলোৱে সুখী থাকিলে হয়।
সুখ মনৰ পৰা সৃষ্টি হোৱা এক অনুভূতি
যাক আমি ধৰি আনিব নোৱাৰি।
কিয় পাওঁ বাৰে বাৰে
দুখৰ উপৰিও দুখ
পুৱা ওলাই যাওঁ কামলৈ বুলি
এমুঠি সুখ যোগাৰ কৰিব নোৱাৰি
সন্ধ্যা কালত দুখেৰে ঘৰলৈ
আহো ঘূৰি।
হাজিৰা কামেৰে পেট নুপুৰায়
কষ্ট হতাশাৰে ৰাতিটো পুৱায়।
কেতিয়াবা জীৱনটোৰ পৰা
পলায়ন কৰিবৰ বহুত মন যায়
কিন্তু পুত্ৰ কন্যা পত্নী কলৈ ৰাখিম
কথাবোৰ মনতে পাৰ হৈ যায়।
আমি আজি আছোঁ কালি নাই
তথাপিও সুখে আমাৰ সৈতে
প্ৰতাৰণা কৰি ভাল পায়।
জীৱনৰ জটিল ক্ষণতে উপনীত হৈ
দীঘলীয়া হুমনিয়াহৰ বাহিৰে একোৱেই
নাথাকে আমাৰ সম্বল
দীৰ্ঘ শ্বাহ হয় আমাৰ শেষৰটো
সুখৰ আশ্ৰয় স্থল।।
কি দিলা কি নিলা জীৱন
এই হিচাপ নিকাচ আমি নকৰোঁ
নালাগে কৰিবলৈ
এটুপাল সুখৰ চকুলোতেই বিচাৰোঁ
সুখী হ'বলৈ।
ডাঙৰ সুখ বিলাসৰ ডাঙৰ সপোন দেখা
আমাৰ বাবে ভগৱানে নিষিদ্ধ কৰিছে
আমি নিবিচাৰোঁও নেদেখোঁও
তেনে সপোন আৰু ভোগ বিলাস,
মাথোঁ সন্তান কেইটাক সুখী ৰাখিবলৈ
দিন ৰাতিৰ কষ্টৰে কৰো হাবিয়াস।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ