পশ্চিমৰ হেঙুলীয়া আকাশখনত
অস্তগামী সেন্দুৰীয়া সূৰুয
শিমলু পলাশৰ ৰঙচুৱা হাঁহি
আকাশত চৰাইজাকৰ
ওভতনিৰ কিৰিলি ,
মেঘবোৰৰো ধেমালি
মন্দিৰৰ দবাৰ ধ্বনিৰ
ঢৌৱে ঢৌৱে ......
ফাগুনৰ পছোৱাত ,
নতুন ঋতুৰ উমান পায়
বৃন্দাবনত ৰঙৰ নৃত্য
তৃষ্ণাতুৰ পৃথিৱীত
হেপাঁহৰ বৰষুণজাক
ফাগুনেইতো আনিব ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ