আজিৰ পৰিৱেশ
পুৰণি আৰু নতুন পৰিৱেশ।
এফালে সুউচ্চ পাহাৰ
আনফালে মহাসাগৰ
সেউজ অঞ্চল আৰু মৰুভূমি।
প্ৰকৃতিৰ কিযে ৰূপ!!
গছ বন তৰু লতা
আৰু পাহাৰ পৰ্বত,
কেতিয়াবা বাৰিষা
কেতিয়াবা খৰাং
কেতিয়াবা সম্ভাবাপন্ন।
বতৰ গৰম,বতৰ সেমেকা
আৰু কিমান যে ঠাণ্ডা,
বৃহৎ ঘাঁহনি অঞ্চল
সেউজীয়া গছ গছনি
পৰিৱেশৰ কিমান যে গভীৰতা ।
আগৰ পৰিৱেশ সেউজ শান্তিপূৰ্ণ
নাছিল কোনো যান্ত্ৰিকতা,
মানৱসৃষ্ট পৰিৱেশ অতি কোলাহলপূৰ্ণ
নাই কোনো আত্মিকতা ।
যিয়ে নহওঁক
সুস্থিৰ পৰিৱেশ
আজিৰ প্ৰয়োজনীয়তা ,
বিজ্ঞানসৃষ্ট পৰিৱেশ
কৃত্ৰিম প্ৰযুক্তিৰে ভৰা
সেয়ে,নতুন পৰিৱেশৰ সংমিশ্ৰণতা ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ