সপোনবোৰো ৰঙীন আছিল,
আকাশৰ নীলা, পলাশৰ ৰং,
তাইৰ মনৰ আইনাত জিলিকি আছিল।
অস্তগামী সূৰুযৰ মিঠা কিৰণ,
গোলাপী গধূলিত সপোনৰ আলোক,
ৰঙৰ মাজতে বিচাৰি ফুৰিছিল
নিজৰ জীৱনৰ সুমধুৰ ৰূপ।
কিন্তু এদিন, হঠাৎ এজাক বতাহে,
তাইৰ হৃদয়ত সানি দিলেহি ধোঁৱাৰ ছাঁ,
বুকুৰ ৰঙবোৰ হেৰাই গ’ল,
থাকি ৰ’ল মাথোঁ এটি ধূসৰ পৃষ্ঠা।
তথাপিও, ৰং ভালপোৱা ছোৱালীজনীয়ে
আজি আকৌ নতুন ৰং বিচাৰি ফুৰিছে,
হয়তো, নিজেই আঁকে নতুন সপোন,
নিজেই গঢ়ে জীৱনৰ নতুন কেনভাচ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ