নিলিম আকাশত চৰাইৰ কিৰিলি
চৌদিশে বিচৰিত হ'ব প্রেমৰ বতাহ
পাতনি মেলিম আমাৰ প্রেমৰ ইতিহাসৰ
তোমাৰ হাতত হাত ধৰি
হৃদয়ত জগাম মোৰ প্রেমৰ অনুভূতি
তোমাৰ দুচকুত দুচকু ৰাখি
হিয়া ভৰাই তোমাক চোৱাৰ কত যে মোৰ আশা...
পাতিম দুয়োৰে একেলগে ভালপোৱাৰ
মিঠা মিঠা কথা।
নিথৰ হৈ ৰ'ব আকাশ,বতাহ
চৌদিশে আৱৰি পৰিব
আমাৰ প্রেমৰ হিমপ্রবাহ
যেতিয়া তোমাৰ দুটি ওঠৰ কম্পনে
মোৰ দুটি ওঠৰ কম্পনক
এক কৰি পেলাব, তেতিয়া
মই ক'ম মোৰ ভালপোৱাৰ কথা।
আমাৰ প্রেমৰ মধুৰ সংগমত
আকাশে ৰচিব প্রেমৰ কবিতা
তুমি আৰু মই হ'ম তাৰ ভাষা...
আমাৰ হৃদয়ৰ ভালপোৱা দেখি
বিধাতাই ও লিখিব,তুমি মোৰ প্রেম
হ'বলৈ চিৰ যুগমীয়া
সাতোটা জনমতে আমি যেন থাকিম
হৈ দুয়ো দুয়োৰে লগৰীয়া।।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ