সৰুতে মনলৈ অহা এটি প্ৰশ্ন “ ডাঙৰ কেতিয়া হম আমি ?" কিন্তু ডাঙৰ হোৱা পিছত আমাৰ মনলৈ অহা আকৌ এটি প্ৰশ্ন “ লৰালিৰ দিনবোৰ ঘূৰাই পোৱা হ'লে ? " নাহৰৰ নিৰিবিলি ছাঁ উপন্যাসত অনুৰাধা শৰ্মা পূজাৰী বাইদেউৱে লিখিছিল, “ স্মৃতি এনে এক প্ৰেম, যি বিচ্ছেদৰ পিছতো লগ এৰা নিদিয়ে।" বাক্য শাৰী যেন চিৰ সত্য। শৈশৱৰ নানা স্মৃতি বোৰে যেন কেতিয়াবা আমাক এতিয়াও ৰিঙিয়াই মাতে । ডাঙৰ হৈ অহা পিছত শৈশৱৰ সেই দুষ্টালিৰ মূহুৰ্ত বোৰে যেন মনত আনন্দ দিয়ে , হাঁহি উঠাৰ খোৰাক যুগাই। খোৱা - বোৱা, স্কূল যোৱা আৰু শুৱা শৈশৱৰ যেন দিনটোৰ এইখনেই একমাত্ৰ ৰুটিন আমাৰ। ছমহীয়া পৰীক্ষা দি জুলাই মাহত যেতিয়া গৰম বন্ধ ঘোষণা কৰে মনত যেন কিমান আনন্দৰ দিন আছিল বুজাই কোৱাৰ বাবে শব্দৰ অভাৱ। ক'ত যাম, ক'ত ফুৰিম , কি কৰিম বন্ধৰ দুদিন আগত তাৰ প্লেন কৰাত ব্যস্ত হৈ পৰা মূহুৰ্ত বোৰ বৰ বিশেষ আছিল।
। ৰাতিপুৱা শুই উঠিয়েই ভাত খাওঁ কি নাখাওঁ খেলিবলৈ দৌৰ মৰা , দুপৰীয়া আৰু গধূলি সময়ত মায়ে হাতত এচাৰি এডাল লৈ বিচাৰি যোৱা,এই দিনবোৰ মনত পৰিলে কেতিয়াবা হাঁহি উঠে । দি যায় মনত এক অনাবিল আনন্দ। গাড়ী বুলিবলৈ তেতিয়া আমাৰ কাৰণেই চাইকেল খন এই মেইন। তামোল গছৰ ঢকুৱাত বহি ইজনে সিজনক টনা , মাৰ্বল , ঘৰ-ঘৰ , কূট- কূট, ক্ৰিকেট, ফুটবল খেলা দিনবোৰ জীৱনৰ আটাইতকৈ বিশেষ সময় ।
কাৰোবাক মাতিব হ'লে প্ৰথম আৱা দিয়া, নামাতিব হ'লে কাতছি দিয়া, স্কুলত লগৰ সমনীয়া লগত আড্ডা মৰা ক্ষণবোৰ, তাৰ মাজত কোনে কাক ভাল পায়, প্ৰেমৰ চিঠি লিখা , আৰু তাৰ মাজত সোমাই থকা আনন্দ কথা ব্যক্ত কৰা বৰ টান। মা- দেউতা আৰু স্কুলৰ ছাৰ- বাইদেউ পৰা মাৰ খোৱা, কানত ধৰি উঠ - বহ কৰা দিনবোৰে এতিয়াও ৰিঙিয়াই স্মৃতিৰ পাতত মাতি থাকে। একো চিন্তা নথকা এটা বিন্দাচ জীৱন যেন এই শৈশৱ কাল
। জীৱন ডায়েৰী খনৰ এক বিশাল অধ্যায়ৰ পৃষ্ঠা এই শৈশৱ কাল।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ