তোমাৰ অসুবিধা আৰু নবঢ়াওঁ, উভতি যাম।
সেমেকা চকুযুৰিৰ শিক্ততা লুকুৱাম, উভতি যাম।
তোমাৰ পদূলিত অলপ ক্ষণ ৰৈ থাকিব দিয়া ,
যেতিয়াই সংজ্ঞান ঘূৰি আহিব উভতি যাম ।
ঋতুৰ প্ৰণয়বিলাস ব'হাগীৰ দৰে ঘূৰি আহিম , ৰঞ্জন !
চৌদিশে জাতিষ্কাৰ কৰিম
আৰু উভতি যাম !
সপোনৰ বেহা কৰিবলৈ কোনোবা আহে বা নাহে ,
মইটো মাত এশাৰী দিম , উভতি যাম ।
সেই বৈভৱ-ৰূপান্তৰৰ পৰা একো নেলাগে মোক ;
মাথোঁ তোমাক সুঁৱৰি,
উভতি যাম ।
স্মৃতিৰ পৰশবোৰ মোৰ অতি প্ৰিয় ,
সেইবোৰক আলিংগন কৰিম ,উভতি যাম ।
যুগৰ কলংক নেওচি আহিছোঁ মই পুৰণি ঘৰখনলৈ
নিজেই প্ৰাণঢালি চকুলো নিগৰাম, উভতি যাম ।
এই নিৰ্জন দ্বীপত আৰু বেছি সময় ৰ'ব নোৱাৰোঁ,
আজি-কাইলৈ নাওঁ সাজিম ,উভতি যাম।
সোঁৱৰণীৰ নীলা দলিচাত
চকুলোক ৰ'দাম , ৰঞ্জন !
ঈশ্বৰত্বক বিচাৰিম ;
উভতি যাম।
✍️ৰঞ্জন প্ৰতীম নেওগ

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ