মোৰ অনুমতি অবিহনে - দিপশিখা ৰাজকোঁৱৰ

©Admin
0
সময় সঁচাকৈয়ে গতিশীল 
হাজাৰ আহ্বানৰ অন্তত
সময় জানো কেতিয়াবা 
কাৰোবাৰ বাবে ৰৈ যায় 
সময়ে থৈ যায় মাথোন 
কিছু কাহিনী,কিছু আৱেগ
জীৱনৰ সকলো প্ৰতিচ্ছবি।
যি কাহিনী আৰু বিষাদৰ সুৰ
 কেতিয়াও কাকো শুনাব নোৱাৰি 
কাকো কৈও শেষ কৰিব নোৱাৰি
তেনে কাহিনী মোৰ জীৱনৰ,
সঁচা অৰ্থত ক'বলৈ গ'লে 
কোনেও নেদেখা নুবুজা 
অতদিনে থূপ খাই থকা 
আধৰুৱা হৈ ৰোৱা ডায়েৰিৰ 
 উকা পৃষ্ঠাৰ অনুভৱী শব্দ।
অসহ্যকৰ লগা কিছুমান কথাই 
অভিমানী হৃদয়ত অগ্নি বৰষাদি বৰষিছে 
বিষাদৰ টোপালবোৰে 
এতিয়া হৃদয়ৰ দলিছাত 
ৰক্ত আভৰণ সজাইছে 
ধুমুহা গৰ্জনৰ শেষত 
শিলৰ টুকুৰাবোৰ বিষাদ হৈ 
এটা এটাকৈ একত্ৰ হৈছে 
মোৰ অনুমতি অবিহনে 
মই একো সংসুত্ৰ নোপোৱাকৈ 
গোপনে মই নজনাকৈ 
মোৰ অনুমতি অবিহনে
বিষাদবোৰ এনেকৈয়ে আহে
মোৰ অভিমানী হৃদয়ৰ মাজলৈ।

✍️ দিপশিখা ৰাজকোঁৱৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)