গছৰ পাত বোৰ সৰাই পেলাইছে
সৰা পাতে পাতে ফাগুন নামে।
গছক দি গʼল লঠঙা ৰূপ
লঠঙা ডালত মেলিছে
পলাশ, মদাৰ,শিমলুৰ ফুল
বাটৰ ধূলিয়ৰি বোৰ হিয়াৰ
দাপোন খনত আৱৰি ধৰে
চকুৰে নমনা বাটত আজি
দেখো ফাগুনৰ বাহ !
এতিয়া যে ফাগুন অহাৰ সময়
কত উজাগৰে পাৰ কৰা
ৰাতি বোৰ আজি যে ফাগুনৰ
মধুৰ সময়ত ফুলি ৰৈ
এটি প্ৰেমৰ দিৱস হয় ।
ফাগুন মানে এটি প্ৰেমৰ দিৱস
এই প্ৰেমৰ দিৱসত কত জনৰ
হিয়াত ফুলি উঠে পলাশ, মদাৰ,শিমলুৰ ফুল
কত হিয়াৰ মাজত মৰহি
ৰৈ এপাহ ৰঙা গোলাপ
কত হিয়াৰ দাপোনত ধূলিয়ৰি
হৈ আৱৰি ধৰে -
এপাহ মমৰে ধৰা গোলাপ
য'ত আপোন জনৰ একো সঁহাৰি নাই
আছে মাথোঁ আশা ।
ফাগুনৰ সুহুৰিত বাজি উঠে লৃগাংৰ ঐনিতম
ঐনিতমৰ সুৰে সুৰে গাওঁ এটি গান
শুনো প্ৰেমৰ কাহিনী জংকী পানৈৰ !
সোৱণশিৰিৰ ঘূণাসুঁতিৰ বালিত
আজি ঐনিতম বাজে ফাগুনৰ দিনত
বালিপৰাত খোজ দিয়ে জংকী পানৈ
জিলিকি উঠে লৃগাংৰ ঐনিতমত ।
এতিয়া যে ফাগুনৰ সময়............!
✍️ মিন্টু গোৱলা

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ