সন্ধ্যা তৰাৰ দৰেই - কংকন ডেকা

©Admin
0
সময় বৰ নিষ্ঠুৰ 
সময়ে নুবুজে যে 
প্ৰেমৰ মালিতাক,
সময়ক মইও
ৰাখিব বিচাৰোঁ
সাৱটি চিৰদিন।
কিন্তু...
নোৱাৰোঁচোন ।

সময়ে এৰি গ'লেও 
মইতো নাযাওঁ‌ আঁতৰি,
তোমাৰ মাজতেই
থাকিম সন্ধ্যাৰাগিণী ।

লিখি যাম মই  
জীয়া কাহিনী,
মাথোঁ তুমি 
হৈ ৰোৱা মোৰ 
চিৰকাল চিৰলগৰী ।

এধানি ফুলেৰে
দলিচা পাৰি
তাতেই ৰাখিম 
তোমাক,
মৰমবোৰ আজুৰি
আনি ৰাখিম 
হৃদয়ৰ মাজতেই 
সাঁচি,
তাতেই উজ্জ্বলি
থাকিবা সন্ধ্যা 
তৰাৰ দৰেই
মোৰ সন্ধ্যাৰাগিণী ।

✍️কংকন ডেকা        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)