মোৰ
মন অৰণ্যলৈ
এমুঠি আহাৰ দিছিলো
প্ৰেমৰ
ভাল পোৱা বোৰ
চতিয়াই দিছিলো
তুমিও মোক আপ্লুত
কৰিছিলা
তুমি অহালৈ
বাট চাই ৰওঁ নিতৌ
অধিৰ আগ্ৰহেৰে ।
ঢাপলি মেলি আহি তুমি
উৰি ফুৰা মোৰ
শেৱালি জোপাৰ তলত
হঠাতে তুমি আতৰি গ'লা
বহু অনিদ্ৰা নিশাত মই
চটফটাই থাকোঁ
তুমি অচিনাকী পখী হ'লা
আহিবা নে কেতিয়াবা?
জিৰাবা নে
মোৰ মন অৰণ্যত
বাট চাই ৰ'ম ।
✍️নিবেদিতা দাস কলিতা

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ