মনে বিচৰা জগতখনত
সপোনবোৰ যেতিয়া হেৰাই যায়
তেতিয়া কেনে মনোভাৱ হয় জানানে?
এদিন এদিনকৈ সপোনবোৰ সৃষ্টি কৰা
শব্দৰ প্ৰাবল্যতাৰে গঢ়ি তুলা
ইমানো নহয় সহজ কথা,
বিৰামহীন কঠিন যাত্ৰা
ঞ-ৰ দৰে নাই মাত্ৰা।
হিয়াৰ আমুঠি উদাস উলংঘ
জীয়া জ্বলিছে অংগ
অফুৰন্ত শক্তিৰ চিহ্ন আজি
অৱহেলিত-লাঞ্ছিত...
জ্যামিতিক ৰেখাৰ দৰে
আঁকিছিলো জীৱনৰ চিত্ৰ,
হিচাপ-নিকাচৰ অংক কৰি
পাইছোঁ বাস্তৱত জঞ্জাল অৰ্থ।
কোন বাটেৰে সপোনবোৰ আজি
পাম জানো বিচাৰি?
নাবিক মই মাজৰাতিৰ
ভঙা বুকুত ডুব মাৰি...
ছন্দায়িত হেৰুৱাৰ ধ্বনি
সূদূৰ সাগৰৰ প্ৰাণে আছে ভাহি,
দুৰ্বল নাওঁৰ উন্মাদনা
জোৱাৰৰ বাধা-বিঘ্নতা
সপোনবোৰ পাম জানো
আজি নহ'লেও কালি?
✍️ শিল্পী দাস

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ