নাম শুনিলেই যেন
প্রাণ ভৰি যায়।
সেউজীয়া প্রকৃতি, বিনন্দীয়া সৃষ্টি,
সোণত সুৱগা চৰা
আইৰ বুকুৰ সাহিত্য-সংস্কৃতি।
অসম মানেই সুখৰ ঠাই
সাৰুৱা তাৰ মাটি,
বিদেশীৰ চকু থিৰ
মোৰ অসমী আইক দেখি।
কাপুৰুষৰ স্থান,এই দেশত নাই,
পৰিশ্রমী সকলো মানুহ
দিব্যাংগইও দেশক আগুৱাই।
এই দেশৰ নাগৰিকে জ্ঞানৰ মুকুট পিন্ধে
নাই তাত কাৰোৰে অভাৱ,
মিলি জুলি থাকে তাত,হৰিণৰ সতে বাঘ।
বিদেশী আহিলেই, স্বদেশী হৈ ৰয়
অসমী আইৰ বুকুৰ
বিপুল সৌন্দর্য দেখি,
শুকুলা পখী হৈ, অসমৰ অসমীয়াই
জ্ঞানৰ জেউতি বিলায়
নীলিমা আকাশত ফুৰি।
পুৱা, গধূলী, দিনে ,ৰাতিয়ে
অসমী আইৰ বুকুত
জ্ঞানৰ বৰষুণ সৰে,
সকলোৱে একতাৰ বলেৰে
অসমী আইৰ বাবে
দৃঢ় পৰিশ্রম কৰে।
সকলোৰে মনৰ মিলন
এই দেশত হয়,
সাপ, হৰিণ, মানুহ, বাঘ
একতাৰে ৰয়।
ধনেৰে চহকী নহ'লেও
মনেৰে চহকী,
সুখৰ অসম মোৰ
একতাৰে ৰূপহী।
একতাৰ মালা পিন্ধে
এই দেশৰ নাগৰিকে,
নাই তাত কাৰোৰে অভাৱ।
জেউতি বিলায়, অসমীৰ সন্তানে,
নিগনী-মেকুৰী সবে
মিলিজুলি থাকে।
নয়ন দুটি মেলি,
জ্ঞানৰ জেউতি দেখি,
জন্ম লয় অসমীৰ সন্তানে
বিপুল একতা বান্ধি।
✍️বিদ্যুৎ গগৈ
সপ্তম শ্ৰেণীৰ ছাত্ৰ
কদম মজলীয়া বিদ্যালয়
লখিমপুৰ জিলা,অসম
যোগাযোগ নম্বৰ --৮৪৮৬১১৪২৬৯

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ