দুষ্টক দমন আৰু শান্তক পালন••তিলোত্তমা মহন্ত গোস্বামী

©Admin
0
কৃষ্ণক বাসুদেৱে গকুলত লুকুৱাই ৰখাৰ কথা তোমালোকে নিশ্চয় জানা। কৃষ্ণ গকুলত নন্দৰ ঘৰত ডাঙৰ হৈছিল। তাত কৃষ্ণই অনেক লীলা কৰিছিল। কৃষ্ণৰ শৈশৱৰ অদ্ভূত কৰ্মৰ কথা গৈ কংসৰ কাণত পৰিছিল। কৃষ্ণৰ কাৰণে কংসৰ চিন্তা বাঢ়িছিল। কিজানি দৈব্য বাণী সঁচা হয়। কৃষ্ণৰ হাতত তেওঁ মৰিব লগা হয়। সেইবাবে কৃষ্ণক মাৰিবৰ মনেৰে কংসই এখন মল্ল যুঁজৰ আয়োজন কৰিছিল। 
        কংস মামাই অক্ৰূড়ক পঠিয়াই ৰাম-কৃষ্ণক মথুৰালৈ মতাই আনিলে। মথুৰাত ভৰি দিয়েই তেওঁলোকে ৰথৰপৰা নামি খোজকাঢ়ি জন্ম নগৰী মথুৰাখন এবাৰ ভালকৈ চাবলৈ ইচ্ছা কৰিলে। কৃষ্ণ ভক্ত অক্ৰূড় খুৰাই সেই কথাত বাধা দিব নোৱাৰি ৰথ ৰখালে। ৰাম-কৃষ্ণই মথুৰা নগৰখন এফালৰপৰা চাবলৈ ধৰিলে। মথুৰা নগৰৰ তোৰণবোৰ অতি ধুনীয়া আৰু সোণৰ। নগৰৰ মূল দুৱাৰবোৰ বৰ ডাঙৰ আৰু সোণত ফটিক মণি লগোৱা। নগৰত ওচৰা-ওচৰিকৈ বহুধৰণৰ উদ্যান আছে আৰু তাতে বিবিধ চৰাই আছে। শাৰী শাৰীকৈ সজা ঘৰবোৰ পৰিষ্কাৰ আৰু মণি মুকুতাৰে সজ্জিত। প্ৰতি ঘৰৰ দুৱাৰ মুখত ডাঙৰ সোণৰ গছাত ঘিউৰ চাকি জ্বলি আছে।
               পৰিষ্কাৰ নগৰৰ ৰাজপথত পুৰুষ আৰু মহিলাসকলে সুন্দৰকৈ কাপোৰ পিন্ধি ঘূৰি আছিল। ৰাম-কৃষ্ণক দেখাৰ লগে লগে সকলোৱে আনন্দ মনেৰে তেওঁলোকক প্ৰণাম জনালে। ক্ৰমে মথুৰা বাসীৰ মাজত কৃষ্ণক চাবলৈ দৌৰা দৌৰি লাগিল। মথুৰা বাসীৰ মন আনন্দেৰে নধৰা হ'ল। তেওঁলোকে ৰাম-কৃষ্ণক চাবলৈ মহানন্দত ক’ব নোৱাৰা হৈ দৌৰা-দৌৰিকৈ ঘৰৰপৰা ওলাই আহিছিল। কোনো কোনোৱে তেওঁক চাবলৈ ঘৰৰ ওপৰলৈ উঠি গৈছিল। কোনো কোনোৱে গছত উঠি ৰাম-কৃষ্ণক ডিঙি-মেলি মেলি চাইছিল। বহুতে দৌৰা-দৌৰিকৈ সাজোন-কাচোন কৰোঁতে অদ্ভূত ধৰণেৰে সাজিছিল। বস্ত্ৰ-অলংকাৰ য'তে-ত’তে পিন্ধিছিল। সকলোৱে জাক পাতি হেঁচা-ঠেলা কৰি ৰাম-কৃষ্ণৰ মনোমোহা ৰূপ চাইছিল। ৰাম-কৃষ্ণক দেখি তেওঁলোকৰ মন-প্ৰাণ জুৰ পৰি গৈছিল। হৃদয়ত আনন্দ উথলি উঠিছিল। শিশুৰপৰা বৃদ্ধলৈকে সকলোৱে তেওঁলোকক দেখি অমৃত ভোজন কৰাতকৈয়ো অধিক সুখ লাভ কৰিছিল। দেৱৰ দুৰ্লভ আত্মা স্বৰূপ কৃষ্ণক ওচৰতে লগ পাই মথুৰাবাসীৰ মহা পূণ্য উদয় হৈছিল। 
     ৰাম-কৃষ্ণই মথুৰাৰ ৰাজপথেদি গৈ থাকোঁতে নানালোকে তেওঁৰ মূৰত সুগন্ধি চন্দন, ফুল, দূবৰি আদি ছটিয়াইছিল। ইয়াৰোপৰি ব্ৰাহ্মণসকলে পদূলিয়ে পদূলিয়ে ধূপ-দীপ লৈ পূজা কৰিছিল। 
      এনেদৰে তেওঁলোক দুয়োজন মানুহৰ মাজেৰে অতি আনন্দ মনেৰে খোজ কাঢ়ি গৈ থাকোঁতে দেখিলে এজন ধোবাই কেইজনমান লগৰীৰ সৈতে মহাৰাজ কংসৰ কাৰণে দিব্য বস্ত্ৰ কঢ়িয়াই লৈ আহিছে। কৃষ্ণ ধোবাজনৰ ওচৰলৈ গৈ ক'লে -
‘হে’ৰা, আমাক কেইটামান বস্ত্ৰ দান কৰাচোন। আমাক যদি বস্ত্ৰ দান দিয়া তোমাৰ বৰ মঙ্গল হ'ব।’
কৃষ্ণৰ কথা শুনি ধোবাজনৰ খং উঠি গ'ল। তেওঁ অহংকাৰ কৰি ক'লে -
‘তহঁত গোৱাল জাতিৰ মানুহবোৰ বৰ অজ্ঞানী। তহঁতৰ মৰিবলৈ ভয় নাই। পিন্ধিবলৈ ৰজাৰ বস্ত্ৰহে বিচাৰিছ? তহঁতৰ দৰে দুষ্টক দেখা পালে ৰজাৰ দূতে ধৰি নি ভালকৈ এসেকা দিব। ৰহ্ মই গৈ ৰজাক কৈ দিওঁগৈ। শাস্তি খাবলৈ মন নাই যদি তৎক্ষণাৎ ইয়াৰপৰা পলাই যাহঁক। গোৱালৰ জাত, নিলাজহঁত, আঁতৰ হ'।
          ধোবাৰ অহংকাৰ দেখি কৃষ্ণৰ খং উঠি গ'ল। তথাপি পুনৰ নম্ৰ ভাবে আকৌ বস্ত্ৰ একোজোৰ দিবলৈ ক'লে। 
এইবাৰো ধোৱাই কৃষ্ণক হাত দাঙি গালি পাৰিলে। 
কৃষ্ণৰ খং উঠি দাঁত-মুখ কামুৰি ধোবাৰ ওচৰলৈ গৈ পূৰ্ণহতীয়া চৰ সোধাই তাক মাটিত পেলাই দিলে। তাকে দেখি তাৰ লগত কাপোৰ অনা লগৰীয়াবিলাকে কাপোৰ-কানি পেলাই থৈ দৌৰি পলাই গুচি গৈছিল। কৃষ্ণই এইদৰে দুষ্টক দমন কৰিলে। 
          ইয়াৰ পাছত এজন কাপোৰ চিলোৱা দৰ্জীয়ে বৰ ভক্তি ভাবেৰে ৰাম-কৃষ্ণক প্ৰণাম জনাই তেওঁলোকৰ মুখপদ্ম দৰ্শন কৰি নতুন বস্ত্ৰ পিন্ধাই দি প্ৰণাম কৰি পৰম সুখ লাভ কৰিলে। ইয়াতেই ৰাম-কৃষ্ণ সন্তুষ্ট হৈ তেওঁক ধনবান হ'বলৈ আশীৰ্বাদ দিলে আৰু মোক্ষ প্ৰাপ্তিৰ বৰ প্ৰদান কৰিলে। ৰাম-কৃষ্ণই সুন্দৰ বস্ত্ৰ পিন্ধি মথুৰাখন চাই ফুৰিছে আৰু ঔষধৰতেওঁলোকক দেখি মথুৰা বাসীৰ আনন্দ উথলি উঠিছে। কৃষ্ণক নয়ন ভৰি চাই মথুৰা বাসীয়ে মোক্ষ লাভত কৈয়ো অধিক সুখ লাভ কৰিছে।

✍️তিলোত্তমা মহন্ত গোস্বামী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)