ৰজাৰ বুদ্ধি ••বিদ্যুৎ গগৈ

©Admin
0
এখন দুখীয়া ৰাজ্যত এজন বৃদ্ধ ৰজাই ৰাজত্ব কৰিছিল। তেখেতৰ নিজৰ বুলিবলৈ মাথো এজনী কন্যা সন্তানহে আছিল। সেই ৰজাজনৰ নাম আছিল পন্তিকৃত। এদিন পন্তিকৃত আৰু তেওঁৰ কন্যা ৰূপৱতী ঘোঁৰাত উঠি চিকাৰ কৰিবলৈ গৈছিল। তেওঁলোক ছীকাৰ কৰিবলৈ গৈ থাকোতে দূৰৈৰ পৰা এটা শব্দ শুনা পালে "সহায় কৰা, মোক সহায় কৰা"। এই শব্দ শুনি ৰজা আৰু ৰূপৱতী ঘোঁৰাৰ পৰা নামি শব্দটোনো কৰপৰা আহিছে বুলি সম্মুখৰ ফালে আগবাঢ়িল। আগবাঢ়ি যাওঁতে ৰূপৱতিয়ে এখন নৈৰ ওপৰেদি বৈ গৈ থকা এটা কাঠৰ বটল দেখা পালে। সেই বটলটোৰ পৰাই শব্দটো আহিছিল। ৰজাই নৈৰ পৰা সেই বটলটো ওঠাই আনি বটলটোৰ মুখনি খন খোলি দিলে লগে লগে বটলটোৰ পৰা জিকমিকনি, ৰশ্মিৰ সৈতে এজনী ধুনীয়া পৰি ওলাই আহিল।
            বটলটোৰ পৰা ওলোৱা পৰিগৰাকীক দেখি ৰজা আৰু ৰূপৱতীয়ে বৰ ভয় খালে। সিহঁতক ভয়খোৱা দেখি পৰিয়ে ক'লে- ভয় নকৰিবা মই তোমালোকক একো নকৰো। বহু দিনৰ আগৰ কথা, এজনী দুষ্ট পৰিয়ে পাছফালৰ পৰা যাদু কৰি মোক এই বটলটোত বন্দি কৰিছিল। তোমালোকে মোক সহায় কৰাৰ বাবে অখেষ ধন্যবাদ। তোমালোকক যদি কিবা বৰ লাগে তেন্তে মই দিব পাৰোঁ। কিন্তু মই এটাহে বৰ দিব পাৰিম।
             বৰৰ কথা শুনি সিহঁতৰ মনত বৰ আনন্দ লাগিল। কিন্তু ৰজাৰ বহু বয়স হৈছে, ৰজাকনো বৰৰ কি প্রয়োজন। সেইয়েহে ৰজাই পৰিক ক'লে-"মই তোমাৰ পৰা কাইলৈ বৰ ল'ব বিছাৰিছো, তোমাৰ কিবা অসুবিধা হʼব নেকি ? " "নাই নাই মোৰ কোনো অসুবিধা নহয়, তেন্তে কাইলৈ আমি ইয়াতে লগ পাম" বুলি কৈ পৰি অদিশ্য হৈ গ'ল আৰু ৰজা আৰু ৰাজকুমাৰীও ঘৰলৈ বুলি বাট ল'লে। ঘৰ আহি পাই ৰজাই ৰাজকুমাৰীক সুধিলে-"তোমাক কি লাগে মইনা ? " "মোক এটা ধনী ৰাজকুমাৰ লাগে দেউতা" বুলি ৰাজকুমাৰীয়ে ক'লে। তাৰ পাছত ৰজাই চিন্তা কৰিলে ,যদি তেওঁ ভায়েকক সেই কথা নকয় ।তেন্তে তেওঁ বৰ বেয়া পাবʼ আৰু তেওঁৰ ৰাজ্যখনো বৰ দুখীয়া ৰাইজকো বৰৰ প্রয়োজন। গতিকে তেওঁ পৰিৰ কাহিনীটো কয় ভায়েকক সুধিলে "তোমাক কিবা লাগিছিল নেকি ভাইটি?"
"দাদা আমাৰ বিয়া হোৱাৰ প্রায় ১০ বছৰে হ'ল কিন্তু ঈশ্বৰে আমাক এটা সন্তান নিদিলে। মোক এটা সন্তান লাগিছিল দাদা।" ভায়েকে ক'লে। 
           ইয়াৰ পিছত ৰজাই ৰাজ্যৰ ৰাইজক পৰিৰ কাহিনীটো ক'লে আৰু সুধিলে-"আপোনালোকক কিবা লাগিব নেকি? মহাৰাজ আমাৰ ৰাজ্যখন ফ্ৰাঞ্চিছ দেশৰ ভিতৰতে এখন বৰ দুখীয়া ৰাজ্য, সেয়েহে আমাক কিছু ধন-সোণৰ প্রয়োজন হৈছিল" বুলি ৰাইজে ক'লে। 
          সকলোকে সুধাৰ পাছত ৰজাৰ তিনিটা বৰৰ প্রয়োজন হল। কিন্তু পৰিয়ে মাথো এটা বৰ দিম বুলিহে কৈছিল। ৰজাই তাকে ভাৱি ভাৱি ৰাতি টোপনি নগ'ল।
            পাছদিনা ৰাতিপুৱা পৰিৰ বৰ লবলৈ অৰণ্যৰ দিশে আগবাঢ়িল। অৰন্যলৈ গৈ থাকোতে ৰজাৰ মনত এটা বুদ্ধি আহিল। ৰজা গৈ পৰিৰ ওচৰ পালেগৈ। পৰিয়ে কলে-“মহাৰাজ আপুনি আপোনাৰ অনুভৱ প্রকাশ কৰক। আপোনাক কি বৰ লাগে।" মই বহুত ধন- সোণৰ ওপৰত বহি এজন ধনী ৰাজকুমাৰে মোৰ ভাইটিৰ সন্তানক গাখীৰ খোৱাই থকা চাব বিছাৰো” বুলি ৰজাই পৰিক ক'লে। "মহাৰাজ আপোনাক কিন্তু মানিছো দেই, আপুনী দেখোন তিনিটা বৰ এটা কৰি পেলালে। আপোনাৰ বুদ্ধি কিন্তু আচৰিত। আপোনাৰ আশা পূর্ণ হওক" ,পৰিয়ে ৰজাক ক'লে আৰু পৰি আগৰ দৰে সেই ঠাইৰ পৰা অদৃশ্য হৈ গ'ল।
          ৰজায়ো ৰাজকাৰেঙৰ দিশে আগবাঢ়িল। ৰজাই কাৰেঙত গৈ দেখে যে তেওঁ বিছাৰৰ দৰে ধন-সোনৰ ওপৰত এজন ধনী ৰাজকুমাৰে তেওঁ ভায়েকৰ সন্তানক গাখীৰ খোৱাই আছে। সেই দেখি ৰজা, প্ৰজা, ৰাজকুমাৰী আৰু তেওঁৰ ভায়েকৰ মনত বৰ আনন্দ লগিল। সেই দিনাৰ পৰাই সেই দুখীয়া ৰাজ্যখন এখন চহকী ৰাজ্য ৰূপে স্বীকৃতি পালে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)