পদপথত মৃত্যুৰ কিৰিলি •• যুগল কিশোৰ কেওঁট

©Admin
0
মানবতাৰ বৈধ্যভূমিত
এতিয়া মৃত্যুৰ কিৰিলি! 
নিশাবোৰ উচুপি উঠে 
কোনোবা পাষাণ মাতৃৰ নিকৃষ্টতাত
নিশাৰ নিস্তব্ধতাত এতিয়া 
নৱজাতকৰ ক্ৰন্দন! 
সভ্যতাৰ শিখৰত 
মুখাৰ আঁৰত 
মানৱতাৰ চিঞৰ! 
পুৱা-গধূলি 
ইমুৰৰ পৰা সিমুৰলৈ 
হত্যা ধৰ্ষণ লুণ্ঠনেৰে 
আৰম্ভ হয় একোটা জীৱন 
গছ-বন নলা- নৰ্দমাত 
বিকশিত হয় একোটা 
পৰিচয় বিহীন 
অংকুৰিত বীজ! 
সভ্যতাৰ শিখৰত 
ভূলুন্ঠিত মানৱতা 
পদপথত থমকি ৰয়
এটা চিঞৰ!!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)