জীৱন-অবিনাশ চৌহান

©Admin
0
সুখ-দুখ আৰু হাঁহি-কান্দোনৰ
তই এক দুমোজাগ্ৰস্ত বাৰিধি,
কপালৰ লিখনিত যে উল্লেখিত
তোৰ ত্যাগৰ কৰুণ কাহিনী।
তই আছ বুলি মোৰ চিনাকী
তোৰ বিনে মোৰ কোন নো লগৰী?
সময়ৰ সুতত তোৰ পৰিবৰ্তন
তইয়ে কৰুণ-মধুৰ স্মৃতিৰ সোঁৱৰণি।
তোৰ বাবেই কামনা ধন-সম্পত্তিৰ
তোক যে বিলাসী ছদ্মনাম দিব পাৰি,
পৰিস্তিতিৰ বাধাক হেলাৰঙে নেওঁচি
এক আৰামি জীৱন অব্যাহত কৰি।
তোৰ স্বাৰ্থ সিদ্ধি আৰু কুশলতাৰ বাবে
সকলোৱে যে ক'ত পৰিশ্ৰম কৰে,
প্ৰাতঃভ্ৰমত আৰু অংগ-চালনাৰে
কামনা তোক স্বাস্থ্যবান ৰখাৰ বাবে।
সকলোৰে প্ৰাৰ্থনা অদৃশ্য ঈশ্বৰৰ পৰা
দীৰ্ঘদিন তই মোৰ লগতে থাকিবি,
কোনো পৰিস্থিতিত নাজাবি এৰি
ধৰাৰ সমস্ত গণৰ এইয়ে চিঞৰনি।
তোৰ সৈতে মোৰ ভৱিষ্যতৰ সপোন
তই নহলে ভাগিব সত্যতাৰ দাপোন,
দাপোনতো মই অদৃশ্য যে হৈ যাম
এই দুখৰ কাহিনী মই কাক শুনাম?
               
       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)