তেওঁ মোক এদিন ভালপোৱাৰ কথা কৈছিল,
মইও মানিছিলোঁ সকলো
মূৰ্খৰ দৰেই সপোন সাজিছিলোঁ,
যিদিনা তেওঁ আনৰ হাতত ধৰি পাৰ হৈছিল মোৰ কাষেৰে
তেতিয়া বুজিছিল মোৰ মনে,
মোৰ এটা ডাঙৰ ভুল হৈছিল।
তেওঁক মই উশাহ বুলি ভবাৰ পৰা
তেওঁৰ অবিহনে জীয়াই থকালৈকে
মোৰ এক ডাঙৰ পৰিৱৰ্তন হৈছিল,
তেওঁযে মোক এৰি সুখী হ'ব নোৱাৰে
সেই কথাও বাৰে বাৰে মনে কৈছিল।
অথচ যিদিনা তেওঁ আনৰ বুকুত সোমাই
সেওঁতাত আনৰ সেন্দুৰ লৈছিল
সেইদিনা মোৰ মনে বুজিছিল,
মোৰ এটা ডাঙৰ ভুল হৈছিল।
তেওঁক প্ৰেম কৰাটো মোৰ পাপ নাছিল
তেওঁক নিজতকৈ অধিক ভবাটোহে
মোৰ মহাপাপ আছিল,
কেতিয়াবা ভাবো
এইযে তেওঁক মোৰ সমস্ত পৃথিৱী বোলাটো,
সিও যে এক মোৰ অপৰাধেই আছিল।
যিদিনা তেওঁ আনৰ বুকুত শুই পৰিছিল
মোক চিনিবলৈ অমান্তি হৈছিল,
তেওঁৰ হাঁহি দেখি মনে উপলব্ধি কৰিছিল
মোৰ এটা ডাঙৰ ভুল হৈছিল।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ