তুমি দেখোন শুকান!
মই তাতেই মধুৰ,
য'ত মানৱৰ অনুভৱবোৰ হয়
এটি সুৰ ।
ফাগুন তোমাৰ উদ্দেশ্য ক'ত?
তোমাৰ আগমনত, মানৱ যে ইমান ব্যাকুল!
মোৰ উদ্দেশ্যই ত'ত,
য'ত ধূলিৰ মানুহ ধূলিতেই ৰ'ল।
ফাগুন তোমাৰ পৰিচয় ক'ত?
তুমি দেখোন শুকান!
মোৰ পৰিচয় ত'ত,
মানৱ অনুভৱৰ উত্তৰ শেষ য'ত,
ফাগুন অহাৰ সময় ত'ত।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ