ফাগুন তুমি লঠঙা-অৰুণ শৰ্মা

©Admin
0
এদিন তেওঁ হাঁহিছিল
হাঁহিছিল তেওঁ আপোনবোৰে
প'লে প'লে ইতিকিং……!
ক্ষণে ক্ষণে উকা কাগজত স্বাক্ষৰতাৰে
জীৱন আগোৱাই যোৱা প্ৰতিশ্ৰুতি
বাটৰ কাষত লঠঙা গছৰ দালত
অঘৰী পক্ষীৰ নিৰ্জনতাৰে
চক্ৰ বেহুৰ মাজেৰে আলোচনা……
পিয়াঁহৰ পানী টুপীলৈ 
জীৱিকা চাউল মুঠি 
দেউতাৰ কংকালত জোলোঙা লৈ
আশাত বিৰাজমান হৈ 
সন্তানৰ ভবিষ্যত পথৰ সন্ধান দিবলৈ 
হাঁহি বোৰ আজি নোহোৱা হয় ৰ'ল 
আপোনবোৰৰ ইতিকিং চিৰ সেউজ 
লঠঙা গছৰ ন-কৈ কুঁহি পাতেৰে
দিলেহি ফাগুনৰ বতৰা……

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)