মোৰ পদূলিমূখত
দি যায় ফাগুনৰ
এখনি আবেগৰ চিঠি।
ফাগুনৰ প্ৰেমৰ এসাগৰ
ভাবৰ বুৰবুৰণি উঠে,
ৰঙিন সৌন্দর্যতা বিয়পাই
ফাগুনে আঁকে প্ৰণয়ৰ ছবি।
ফাগুন মাথো এটি শব্দ নহয়,
ফাগুন নহয় মাথো এটি মাহ
ফাগুন হৈছে যৌৱনোদীপ্ত ডেকা গাভৰুৰ হৃদয়ৰ জোৱাৰ।
ফাগুনে কঢ়িয়াই আনে নতুন আশা,
ফাগুনে দি যায় ন ভাৱনাৰ অলেখ সম্ভাৰ।
ফাগুনে কৰে বিৰিখক লঠঙা,
ফাগুনতে পোখা মেলে ন-কুঁহিপাত
ফাগুনতে ফুলে পলাশ, মদাৰ।
ফাগুনৰ ধূলিয়ৰী বতাহে কোবাই যায় হৃদয়
ফাগুনৰ বৰষুণে তিয়াই যায়
প্ৰেয়সীৰ শুকান পথাৰ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ