দায়িত্ববোৰ তাতেই সীমাবদ্ধনে ? সমাজৰ প্ৰতি আজিকালি আপোনাৰ মোৰ দায়িত্ববোৰ সীমাবদ্ধ হৈ গৈছে নেকি ? কৰিবলগীয়া হোৱাৰ বাবে নিয়মটো, নকৰিলে নহয় বাবে আমি কিছুমান কাম কৰি থকা নাই নে! বৰ্তমান সময়ত প্ৰত্যকজন মানুহেই নিজৰ নিজৰ লগত সাংঘাটিক ধৰণেৰে ব্যস্ত। ব্যস্ততাৰ মাজেৰেই আমি কেতিয়াবা সমাজখনত চকু ফুৰাও। কৰিবলগীয়া হোৱা বাবে, নিয়মটো পালন কৰিবলগীয়া হোৱাৰ বাবে, নকৰিলে নহয় বাবে। সমাজ এখন সুস্থভাৱে চলিবলৈ, নিয়াৰিকৈ চলিবলৈ সমাজখনত কি প্ৰয়োজন সেইয়া আপুনিও জানে মইও জানো আপোনাৰ মোৰ নিচিনা আন দহজনেও জানে । কিন্তু বৰ্তমান আমাৰ দায়িত্ববোৰ সীমাবদ্ধ। সমাজখনত আজিকালি দেখিও নেদেখাৰ ভাওঁ যোৱা মানুহৰ অভাৱ নোহোৱা হ'ল। কবিৰ কথাৰে " দেখিও নেদেখা কিয় দিন কণা" কথাষাৰ যে আজি উপলব্ধি হ'ল। কিয়নো আমাৰ দায়িত্ববোৰ আজি সীমাবদ্ধ হ'ল। সমাজখন আজি দিনে দিনে ধ্বংসৰ পৰা ধ্বংসৰ পথলৈ গৈয়ে আছে। কাৰ বাবে এনে হৈছে ! সেইসকলৰ বাবে যিসকল শিক্ষিত হৈয়ো অশিক্ষিত কিছুমান কাম কৰি থাকে। গাওঁখনত সমাজখনত আজি দায়িত্ব কাৰ ? গাঁৱৰ অশিক্ষিত বয়সীয়াল চহা মানুহজন শিক্ষিতজনৰ দৰে College/Universityৰ দুৱাৰ গৰকা নাই। তেওঁ ভুল কৰাটো, তেওঁ নকৰিবলগীয়া কৰাটো স্বাভাৱিক। গাঁৱৰ শিক্ষকজন, ইঞ্জিনিয়াৰজন ডাক্তৰজনেই শিক্ষিত নে ! সমাজখনৰ আজি জানো তাতেই আউল লগা নাই। শিক্ষিত হ'বলৈ হ'লে আজিৰ সমাজত Designation লাগিব। যিটো নিয়ম সমাজেই বান্ধি দিছে। সমাজখন কাৰ, সমাজখননো কোন ? আপুনি, মই গাঁৱৰ পুতু দাই, নবীন দাই, মিৰি দাই, ভাদৈ পেহী, এইবোৰেই জানো সমাজখন নহয় ! তেন্তে আমি কিয় বান্ধি লোৱা এই নিয়মবোৰ সলনি কৰিব নোৱাৰো। মানুহৰ জীৱনৰ আটাইতকৈ শুভ মূহুৰ্ত বিবাহ। এই বিবাহটো আউল কিয় ? চাকৰি এটা নহ'লে আমাৰ ছোৱালীজনী আমি কিয় ব্যৱসায় কৰা ল'ৰা এজনলৈ বিয়া দিব নোৱাৰো। মাক দেউতাকৰ দৰাৰ প্ৰতি পোনপটীয়া প্ৰশ্ন থাকেই, তুমি কি কৰা? উত্তৰটো মন পচন্দ কেতিয়া হয় আজি সমাজৰ বাবে আপুনিটো জানেই। এইবোৰ সলনি কেতিয়া হ'ব। বৰ্তমানেও কোনো কোনো সমাজত জাত-পাতৰ সংকীৰ্ণতাও দেখিবলৈ পোৱা যায়। আমি বৰ্তমান দায়িত্ববোৰ সামৰিবলৈ শিকিছো। কৰিবলগীয়া হোৱা বাবে, নিয়মটো পালন কৰিবলগীয়া হোৱাৰ বাবে, নকৰিলে নহয় বাবে আমি কিছুমান কৰি কাম আছো। দায়িত্ববোৰ তাতেই সীমাবদ্ধ কৰি ৰাখিছোঁ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ