পথাৰত
ৰৈ আছা নেকি কোনোবা
পথত
তোমাৰ বাবে অপেক্ষাত
চিৰ নতুন যেন লগা
সেই ক্ষণ,
য’ত কুঁৱলীৰ আচ্ছাদন
ধুৱলী কুঁৱলী পথ
মনিব নোৱাৰি একোকে
পথিক ৰৈ গৈছে
সকলোপিনে ৰঙা-নীলা
গাড়ীৰ পোহৰ;
সেই একেই অনুভৱ
এটোপাল পথাৰত
নতুনকৈ যেন এই উচ্ছাৰিত
হ’ব
চৰাই-চিৰিকতিৰ মাত
য’ত থাকিব ফাগুনৰ ৰং৷

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ