মাজে মাজে ছগা উৰে,
চাকিটোৱে ঢপঢপাই জ্বলি থকাৰ
অপ্ৰাণ চেষ্টা কৰে।
কেতিয়াবা উমি উমি জ্বলে আকৌ
কেতিয়াবা নুমাই যায়।
হঠাৎ সকলোবোৰ আউসীৰ অন্ধকাৰে
গ্ৰাস কৰি পেলায়।
বাটকটীয়া জোনাকীটোও
তেতিয়া ক'ৰবাত লুকায়।
ৰাতিবোৰ দীঘলীয়া হয়,
ক্ৰমে উশাহবোৰ চুটি হৈ আহে।
উৰুঙা কোঠাটোৰ কোনোবাটো কোণত
কাৰোবাৰ দীঘল হুমুনিয়াহ সৰে,
সেই কোঠাৰ বেৰত আউজি
কোনোবাই গোপনে উচুপে।
বাহিৰত জিলিৰ মাত
ৰাতিপুৱাবলৈ আৰু এপৰ।
চকুদুটা মুদ খাই আহে লাহে লাহে।
ফেঁচাৰ কুৰুলি শুনি আকৌ
সম্ভিত ঘূৰি আহে।
কাহিলীপুৱাতেই চোতালখন বগা হয়,
কাৰোবাৰ অন্তৰখন জ্বলে
আৰু কোনোবা নিজে

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ