নিদিবা নালাগে ~জিয়াবুৰ ৰহমান

@admin
0
আৰু নিদিবা নালাগে 
তুমি দিয়া সুখ
তোমাক প্ৰাণৰ পৰা
মোৰ হিয়াৰ সমস্ত মৰম ভালপোৱা 
তোমাৰ নামত অৰ্পন কৰিছিলোঁ 
আজি ইমান নিষ্ঠুৰ হ'ব পাৰিলা কেনেকৈ 
হৃদয়ত সযতনে স্থান লৈ
অতি নি:সংকোচে চলাই গৈছিলা 
প্ৰতাৰণা আৰু
প্ৰবঞ্চনাৰ আতিশয্যা।
হৃদয় খন ভাঙিলেও মই ধ্বংস হ'বলৈ দিয়া নাই 
নিয়ন্ত্ৰণত ৰাখিছোঁ তুমি দিয়া 
দুখৰ অসহ্যকৰ যন্ত্ৰনাবোৰ।
নিদিবা নালাগে তোমাৰ ভালপোৱা 
ভালপোৱাৰ নামত প্ৰতাৰণা মই আৰু সহিব নোৱাৰি।
যি আছে তাকেই হ'ব 
তুমি যোৱাগৈ 
আন কাৰোবাকো মৰম দিবলৈ 
কাৰো হৃদয়ত প্ৰৱেশ নকৰিবা।
মৰমৰ মুল্য বহুত গধুৰ 
সেয়া তুমি বুজি নোপোৱা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)