পাৰ হৈ যোৱা সপ্তাহটোত মোলৈ অহা কেইবাজনো শুভাকাংক্ষী বিশিষ্ট লোকৰ ফোন কল আৰু ওৱাটচাপে মোৰ মনৰ কিছুমান বিভ্ৰান্ত দূৰ কৰি পেলালে । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ কুল শইকীয়া চাৰ, সুদুৰ জাপানৰ কিটামুৰা ইটো , সচেতন পাঠক আৰু লেখিকা জয়ন্তীমালা বৰপূজাৰী, দিপালী পাইন বাইদেউ, শ্ৰদ্ধাৰ ত্রিণয়ন সন্ধিকৈ দাদা আৰু কনচেং বুঢ়াগোহাঁই দাদাৰ পৰা অহা সেই ফোনকল আৰু ওৱাটচাপবোৰে কেৱল মাত্ৰ মোলৈ সাহস, অনুপ্ৰেৰণা আৰু স্নেহ কঢ়িয়াই অনা নাছিল। তাত নিহিত আছিল আমাৰ দৰে নতুনকৈ সাহিত্য চৰ্চা আৰম্ভ কৰা ব্যক্তিৰ কাৰণে বহু প্ৰয়োজন বাৰ্তাৰ লগতে তেওঁলোকৰ অসমীয়া ভাষাটোৰ প্ৰতি থকা দায়বদ্ধতা । তেওঁলোক আচলতে নীৰৱ যোদ্ধা যিসকলে নিস্বাৰ্থ ভাৱে এনেধৰণৰ কাম কৰি আছে । আগতে প্ৰায়েই বানান আৰু ব্যাকৰণত কিবা কেনা লাগিলে ভয়ে ভয়ে প্ৰয়াত দেৱেন দত্ত চাৰক ফোন কৰিছিলোঁ । কেতিয়াবা বানান আৰু ব্যাকৰণৰ বিজুতি ঘটিলে চাৰৰ পৰা ধমকি খাইয়ো নিৰ্লজ্জৰ দৰে পুনৰ ফোন কৰিছিলোঁ । কাৰণ চাৰৰ সেই ধমকি বোৰত লুকাই থকা জাতিটোৰ প্ৰতি তথা আইৰ মুখৰ ভাষাটোৰ প্ৰতি লুকাই থকা দায়বদ্ধতা আৰু ভালপোৱাই নিজক অনুপ্ৰাণিত কৰি তুলিছিল। চাৰৰ অনুপস্থিতিত মই লাহে লাহে অভিভাৱকহীন হৈ পৰিছো যেন অনুভৱ কৰোঁ।
বিগত দুটা বছৰ ধৰি কৰি থকা অধ্যয়ন সামৰি অৱশেষত দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত লিখি থকা "বন্দী চামুৰাই" নামৰ উপন্যাসখনৰ কাম অলপ অলপ কৰি আগুৱাই লৈ যাব ধৰিছো । নতুন কৈ প্ৰকাশ পাবলগীয়া উপন্যাসখন লিখি থাকোঁতে বহু কেইটা সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে । উপন্যাসখনত উল্লেখ কৰা তথ্য সমুহ ইতিহাসৰ পাতৰ পৰা তুলি আনোতে তাৰ সত্যতা নিৰূপণ কৰিবলৈ বহু কেইখন দেশী-বিদেশী গ্ৰন্থ পঢ়িব লগা হৈছে । তাতে আকৌ কৰ্মৰত হৈ থকা প্ৰতিষ্ঠানটোৰ কামৰ হেচাঁও বাঢ়িছে। ঔষধ পাতি খায়ো দীৰ্ঘদিন ধৰি ভূগি থকা চকুৰ সমস্যা খামকটাৰ নামেই লোৱা নাই। এই সকলোবোৰত কৈয়ো ডাঙৰ সমস্যাটো হৈছে অসমীয়া ভাষাৰ ওপৰত থকা মোৰ সীমিত দখল। ১৯৯৪চনত দ্বাদশ শ্ৰেণীলৈ অসমীয়া পঢ়াৰ পাছত ২০২০লৈ অসমীয়া ভাষা সাহিত্যৰ সৈতে একপ্ৰকাৰ সংযোগ নাইকিয়াই হৈ পৰিছিল। পাছে ক'ভিড মহামাৰীৰ যহত যেনিবা আইৰ মুখৰ মাতষাৰ ঘুৰি আহিল। তাৰ পাছতেই সুধীজনৰ উৎসাহ আৰু অনুপ্ৰেৰণাৰ বলত বৰ্তমানলৈ দুখন উপন্যাসকে ধৰি ছখন গ্ৰন্থ লিখিব সমৰ্থ হ'লো। কিন্তু এতিয়াও ভাষাটোৰ ওপৰত দখল নাই বুলি স্বীকাৰ কৰিম। বিশেষ কৈ বানান আৰু ব্যাকৰণৰ জ্ঞানৰ অভাৱত মনৰ ভাৱ প্ৰকাশ কৰোঁতে প্ৰায়েই কেনা লাগে ।
বন্দী চামুৰাইৰ বহু কেইটা খণ্ড ইতিমধ্যে কেবাটাও ওৱাটচাপ গ্ৰুপ আৰু ফেচবুকত দিছো। ইয়াৰ উদ্দেশ্য মোৰ পাঠক গোটাবলৈ নহয়। কিতাপ এখন প্ৰকাশ পোৱাৰ পাছত পাঠেয় হ'লে নিশ্চয় পাঠকে পঢ়িবলৈ আগ্ৰহ কৰিব। বিগত তিনি বছৰত কৰ্মসূত্রে বাৰো জাপান আৰু মণিপুৰলৈ যোৱাৰ পাছত দ্বিতীয় বিশ্বযুদ্ধৰ বহুটো গোপন আৰু আচৰিত তথ্যৰ লগতে জাপান আৰু মণিপুৰৰ ইতিহাসৰ সম্ভেদ পাইছো। যিবোৰ মই আগতে কাহানিও জনা বা শুনাও নাছিলোঁ। সেয়েহে সেই তথ্য সমুহৰ আধাৰতে মোৰ পৰবৰ্তী উপন্যাস "বন্দী চামুৰাই" লিখিব লৈ লৈছোঁ ।গৱেষণামূলক এই উপন্যাসখন অসমীয়া সাহিত্যৰ ভঁৰাললৈ এক ক্ষুদ্ৰ অৱদান হ'ব বুলি আশা কৰিছো।
মই প্ৰেৰণ কৰা "বন্দী চামুৰাই" ৰ খণ্ড কেইটা পঢ়ি শুভাকাংক্ষী ব্যক্তি সকলে দিয়া কিছু পৰামৰ্শ আৰু মতামত তলত উল্লেখ কৰিলোঁ।
#শ্ৰদ্ধাৰ_কুল_শইকীয়া_চাৰ# চাৰে উপন্যাসখনৰ পটভূমি জনাৰ পাছতc তাত উল্লেখিত তথ্য সমুহৰ সত্যতাৰ প্ৰমাণ সমুহ সংৰক্ষিত কৰি থবলৈ পৰামৰ্শ দিছে। কাৰণ এই গোপন তথ্যবোৰ পঢ়ি পাঠকে ভবিষ্যতে তাৰ সত্যতাৰ প্ৰমান বিচাৰিব পাৰে। মোৰ আটাইবোৰ গ্ৰন্থ ইতিহাসৰ ভেটিত গৱেষণামূলক হোৱাৰ কাৰণে চাৰে প্ৰয়াস আৰু লিখনশৈলী অব্যাহত ৰাখিবলৈ উদ্গনি দিলে।
#কিটামুৰা_ইটো# সুদুৰ জাপানৰ কিয়টোৰ পৰা অপৰিচিত এই ব্যক্তিজনৰ পৰা অহা অপ্ৰত্যাশিত ফোনকলটো পাই মই কিছু সময়ৰ কাৰণে বাকৰুদ্ধ হৈ পৰিছিলোঁ । তেখেতে ফেচবুকত "বন্দী চামুৰাই"ৰ কিয়দাংশ গুগল ট্ৰান্সলেচন কৰি পঢ়ি মোলৈ ফোন কৰিছিল। তেখেতৰ মতে দ্বিতীয় বিশ্বযুদ্ধৰ মণিপুৰ অধ্যায়টো আজিকোপতি জাপানী সকলৰ কাৰণে ৰহস্য হৈ আছে । সেয়েহে তেওঁ মোক "বন্দী চামুৰাই" কিতাপখন পাৰিলে জাপানী ভাষালৈ অনুবাদ কৰিবলৈ অনুৰোধ কৰিলে।
#দিপালী_পাইন_বাইদেউ#- এগৰাকী সচেতন পাঠক কিন্তু মোৰ কাৰণে । বাইদেউৰ লগত চিনাকী হৈছিলোঁ ২০২২চনৰ গুৱাহাটীৰ গ্ৰন্থমেলাৰ বাকৰিত। তেতিয়াৰ পৰা মাজে সময়ে মোৰ লেখা পাতিবোৰ পঠিয়াই থাকো । বাইদেউৰ পৰামৰ্শ মতে মোৰ 'ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি' আৰু 'বিক্রেতাবিহীন বজাৰ উপন্যাস দুখনৰ পৰবৰ্তী সংকলনৰ বহুতো বানান শুধৰাবলৈ সমৰ্থ হৈছিলোঁ । আজি দুদিনমানৰ আগতে হঠাত বাইদেউৰ ফোন পালোঁ । ফোনটো ধৰাৰ লগে লগে বাইদেউৱে কলে তোমাৰ 'বন্দী চামুৰাই' ৰ খণ্ড পঢ়ি বহু কেইটা ভুল চকুত পৰিল । সেই বাবেই ফোন কৰিছো। আটাইবোৰ মই লিখি ৰাখিছো সন্ধিয়ালৈ মেছেজ কৰিম। তুমি শুধৰাই ল'বা । সন্ধিয়া বাইদেউৰ পৰা অহা মেছেজ খুলি দেখিলো ডায়েৰীৰ পাতত এটা খণ্ড খণ্ডত থকা ভূল বানান সমুহ সুন্দৰকৈ লিখি মোলৈ পঠিয়াইছে । মেবোৰ পঢ়ি থাকোঁতে বাইদেউৰ প্ৰতি কৃতজ্ঞতাত মোৰ বুকুখন কিবা গধুৰ হৈ পৰিছিল।
#জয়ন্তীমালা_বাইদেউ# দিল্লী নিবাসী বহু কেইখন গ্ৰন্থ ৰচয়িতা, এগৰাকী সচেতক পাঠক তথা ভাষা সাহিত্যৰ প্ৰচাৰ বিমুখ নীৰৱ সাধক জয়ন্তী বাইদেউক লগ পাইছিলো ২০২২ চনত অনুষ্ঠিত কৰা মোৰ "এজন সাহিত্য অভিযন্তাৰ আত্মকথা" নামৰ প্ৰবন্ধ সংকলনখনৰ উন্মোচনী সভাত। তেতিয়াৰ পৰা বাইদেউৱে প্ৰায়েই মোৰ লেখা সমূহ পঢ়ি বানান শুধৰণি কৰি দিয়ে । বাইদেৱে 'বন্দী চামুৰাই'ৰ খণ্ড সমূহ পঢ়ি বানানৰ প্ৰতি সতৰ্ক হ'বলৈ পৰামৰ্শ দিছে ।
#ত্রিণয়ন_সন্ধিকৈ_দাদা# অসম ভৱন মুম্বাই আৰু মই লগতে যি কম বিন্দাচ কম নামৰ জনপ্ৰিয় গ্ৰন্থ দুখনৰ ৰচক তথা ফেচবুকৰ বুকুত সদায়েই সক্ৰিয় আমাৰ বিন্দাচ লেখক ত্রিণয়ন দাদাৰ পৰিচয় মই নতুনকৈ দিয়াৰ প্ৰয়োজন নাই। যোৱা সপ্তাহত দাদাই "বন্দী চামুৰাই"ৰ খণ্ড কেইটা পঢ়ি লৈ মোক ফোন যোগে যথেষ্ট উৎসাহ আৰু অনুপ্ৰেৰণা দিলে। উপন্যাসখন লিখিবলৈ মই যুগুতোৱা চৌধ্যখন বিশেষ গ্ৰন্থৰ লগতে মই বিশ্বযুদ্ধৰ ঘটনাক্ৰমৰ লগত মেপৰ সৈতে War Room বনাই লোৱাৰ কথা গমপাই দাদাই মোক ভুয়সী আশীৰ্বাদ কৰিলে। লগতে গ্ৰন্থখনৰ উন্মোচনী সভাত উপস্থিত থাকিব বুলি জনালে ।
"বন্দী চামুৰাই"ৰ কিয়দাংশ পঢ়ি ওপৰত উল্লেখ কৰা ব্যক্তি সকলৰ ফোন আৰু ওৱাটচাপৰ পৰামৰ্শ সমুহে মনৰ বিভ্ৰান্ত দুৰ হ'ল যে আজিও এচাম অগ্ৰজে নতুন চামৰ লেখা পঢ়ি তেওঁলোকৰ ভূলবোৰ আঙুলিয়াই শুধৰাই দিব বিচাৰে । প্ৰতিষ্ঠিত লেখকে আমাৰ নতুন চামৰ লেখাবোৰ নপঢ়ে বুলি মই ভবাৰ বিপৰীতে এইকেইজন গুণী জ্ঞানীলোকৰ মতামত আৰু পৰামৰ্শ পাই উদ্বুদ্ধ হলোঁ। কিছু প্ৰতিষ্ঠিত লেখকে আমাৰদৰে নতুন লেখকক প্ৰকৃতাৰ্থত সহায় কৰিব বিচাৰে যাতে ভাষাটো প্ৰকৃতাৰ্থত নৱপ্ৰজন্মৰ কাৰণে সুৰক্ষিত হৈ থাকে। আমাৰদৰে নতুন লেখকে তেওঁলোকৰ সেই সচেতনতা আৰু দায়বদ্ধতাক সন্মান কৰা উচিত।
চিৰ চেনেহী মোৰ ভাষা জননী।
ধন্যবাদেৰে-

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ