"হয় মই ভুল কৰিলো আপোনালৈ অশ্লীল মেচেজ কৰি। মই যি যি কৰিলোঁ সকলো বোৰৰ বাবে ক্ষমা খুজিছোঁ।ভৰিত ধৰিছোঁ আপোনাৰ। আপুনি প্লিজ আগবঢ়ায় নিনিব কথাবোৰ, মই এনেকৈ ক্ষমা বিচাৰিছোঁ"
কেইদিনমানৰ আগতে নূপুৰে পুৰুষজনলৈ মেচেজ কৰে বুলি তাইৰ চৰিত্ৰত লাঞ্ছন লগাবলৈ চেষ্টা কৰা পুৰুষ জনৰ মুখত ক্ষমা খুজি ভৰিত পৰা কথাখিনি শুনি নূপুৰৰ মুখৰ পৰা আপোনাআপুনি এটি হাঁহি ফুটি উঠিল। সমাজত নিজৰ মুখাখন খুলি পৰাৰ ভয়ত মুখা পিন্ধি ভদ্ৰ হ'বলৈ মানুহে ভৰিত ধৰিবলৈও কুণ্ঠাবোধ নকৰে । নূপুৰৰ উদ্দেশ্য ক্ষমা খুজোৱাৰ নাছিল নূপুৰৰ উদ্দেশ্য আছিল মুখা খন খুলি দিয়াৰ হে। যাৰ বাবে তাই নিজৰ গাত বদনাম ল'বলৈও সাজু হৈছিল।।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ