এশিঙীয়া গঁড় পোৱা যায়,
"আ" য়ে বোলে আমেৰিকাই
মহাদেশত নাম পায় ।
"ই" য়ে বোলে ইন্ধন
ভৰাই গাড়ী মটৰ চলাই,
"ঈ" য়ে বোলে ঈশ্বৰক
প্ৰাৰ্থনা কৰিবা সদায় ।
"উ" ৱে বোলে উটত উঠি
মৰুভূমিত কৰোঁ বিচৰন ,
ঊ"ৱে বোলে ঊষা অনিৰুদ্ধৰ
বাবেই হৰি হৰৰ হৈছিলে ৰণ।
"ঋ" য়ে বোলে ঋতু ৰূপে
আমাৰ ছয় পৰিচয় ,
"এ" য়ে বোলে একতাই পৰম
বল বুলি জানিবা নিশ্চয় । "
"ঐ" য়ে বোলে ঐতিহ্য ক্ষেত্ৰ
কাজিৰঙা বননি,
"ও" ৱে বোলে ওচৰতে
চৰে হৰিণী ।
"ঔ" ৱে বোলে ঔটেঙা
আনিছো মই পায়।
মাটিমাহৰ সৈতে মিলাই
খাবা এদিন চায় । ' মই বোলো স্বৰবৰ্ণৰ মেলখনি
ইমানতে পৰিল সামৰণি ,
ব্যঞ্জন বৰ্ণৰ মেলখনিৰ
কথাও এদিন কৰিম আৰম্ভণি ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ