সেন্দুৰৰ বিতৰ্ক প্ৰায়ে হয়। কোনোবাই সেন্দুৰ লোৱাৰ পক্ষ লৈ কথাবোৰ কয়, আৰু কোনোবাই সেন্দুৰ নোলোৱা পক্ষ লৈ যুক্তি দিয়ে।আচলতে সেন্দুৰ লোৱা আৰু নোলোৱা টো নাইবা সেন্দুৰ খিনিক মান্যতা দিয়া আৰু নিদিয়াটো নিজৰ ওপৰত নিৰ্ভৰ কৰে।
বহুতৰ দৰে মইও কথাবোৰ যুক্তি সহ বিশ্লেষণ থকা হ'লেহে কথাবোৰ মানি লওঁ।মইও সেন্দুৰ ল'বই লাগিব বুলি কোৱা কথাষাৰৰ পক্ষপাতী নহয়।
সেন্দুৰ লোৱা নোলোৱা কথাষাৰৰ এদিন মোৰ দেউতাই মোক ধুনীয়াকৈ বিশ্লেষণ দিছিল, তাকে আপোনালোকৰ আগত কওঁ আজি।
হিন্দু ধৰ্মৰ বিবাহিত মহিলাৰ প্ৰধান অলংকাৰ খিনিয়েই হৈছে সেন্দুৰ।মান্যতা অনুসৰি সেন্দুৰৰ বিভিন্ন কাহিনী শুনি আহিছোঁ।সত্যযুগৰ পৰাই সেন্দুৰৰ কাহিনী জড়িত আছে। ৰামায়ণত আমি সেই কাহিনী পাইছো। এবাৰ
ৰামভক্ত হনুমানে সীতাক সেন্দুৰ লোৱা দেখি প্ৰশ্ন কৰিছিল যে-
আপুনি সদায় অলপ সেন্দুৰ কপালত কিয় লগাই?তেতিয়া সীতাই কৈছিল ৰামৰ দীৰ্ঘায়ুৰ বাবে ভগৱানে নামত উচৰ্গা কৰি সীতাই অলপ সেন্দুৰ লগাই কপালত। ইয়াৰ পাছত এদিনা হনুমানে নিজৰ গোটেই দেহাটোত সেন্দুৰ সানি লৈছিল ।মা সীতাক হনুমানে কৈছিল চোৱা মা তুমি অলপ শিৰত সেন্দুৰ লগালে ৰামৰ আয়ুস বৃদ্ধি হয় মই সৰ্ব শৰীৰত সেন্দুৰ ঢালি দিছো এতিয়া ৰাম অমৰ হৈ ৰব ৷
এতিয়া আচল কথাটো হ'ল যেতিয়া স্ত্ৰী এগৰাকীয়ে সেন্দুৰ লয় তেতিয়া সেই সেন্দুৰ খিনি যদি ভগৱানৰ নামত উচৰ্গা কৰে, ভগৱানে সেই সেন্দুৰ খিনিৰ মান ৰাখিবলৈ যাওঁতে স্ত্ৰী গৰাকীৰ পুৰুষ জনৰ আয়ুস দীঘল হয়।কাৰণ সেই সেন্দুৰ খিনি লোৱাৰ মূলতে আছে স্ত্ৰী গৰাকীৰ স্বামীজন।সেয়ে হিন্দুসকলে সেন্দুৰ লওঁতে তিনিবাৰ ভগৱানৰ নাম লৈ তিনিবাৰ কপালত লয়।
আমাৰ অসমীয়া সমাজৰ বিয়াত সেন্দুৰ দিওঁতে তিনিবাৰ উৰুলি ধ্বনিৰে সেন্দুৰ দিয়ে, কিন্তু ভগৱানৰ নাম উচ্চাৰণ কৰা দেখা নাযায়,খুব কম দেখা যায়, বহুতে হয়টো এইবিষয়ে নাজানে। সেন্দুৰ লওঁতে প্ৰথমবাৰ "শ্ৰীকৃষ্ণাই নমঃ",
দ্বিতীয় বাৰ "বাসুদেৱাই নমঃ"
তৃতীয় বাৰ "গোবিন্দাই নমঃ"
হিন্দু ধৰ্মৰ প্ৰত্যেক গৰাকী বিবাহত মহিলাই সেন্দুৰ লওঁতে তিনিবাৰকৈ ভগৱানৰ নাম লৈ তিনিবাৰকৈ কপালত ল'ব লাগে।
এতিয়া প্ৰশ্ন মোৰ আছিল সেন্দুৰ নোলোৱা সকলে?
অন্য ধৰ্মৰ স্ত্ৰী সকলে কি কৰিব?
দেউতাৰ উত্তৰ আছিল,,,
প্ৰতিটো ধৰ্মৰে নিজা নীতি নিয়ম আছে। স্বামীৰ দীৰ্ঘায়ুৰ কাৰণে অন্য ধৰ্মৰ স্ত্ৰী সকলে সেন্দুৰ নলগায় সেইটো সঁচা, কিন্তু তেওঁ লোকে স্বামীৰ দীৰ্ঘায়ুৰ বাবে অন্য ধৰণে নীতি নিয়ম পালন কৰে।
মোৰ আকৌ প্ৰশ্ন আছিল...
হিন্দু ধৰ্মতো বহুতে সেন্দুৰ নলয়।ল'ব নোখোজে।যি জন পুৰুষে পত্নীক অত্যাচাৰ কৰে,মাৰ ধৰ কৰে তেতিয়া সেইজন পুৰুষৰ দীৰ্ঘায়ুৰ বাবে সেন্দুৰ কিয় ল'ব?
তেতিয়া দেউতাই কৈছিল... সেন্দুৰ বিবাহিতা স্ত্ৰীৰ প্ৰেমৰ পূৰ্ণতাৰ প্ৰতীক, যদি তেওঁ সেন্দুৰ ল'ব নোখোজে তাৰ বিপৰীতে হাত দুখন যোৰ কৰিও ভগৱানৰ স্মৰণ কৰে,তাৰো মান ৰাখিব। বাকী থাকিল পুৰুষ জনে অত্যাচাৰ কৰাৰ বাবে সেন্দুৰ নলয়, কিন্তু কপালত জিলিকি থকা সেই সেন্দুৰৰ বাবেই অন্য পুৰুষে তেওঁলৈ অসৎ দৃষ্টি দিবলৈ সাহস নকৰে। স্বামী স্ত্ৰীৰ মাজৰ মতানৈক্য, কাজিয়া সেয়া তেওঁলোকৰ ব্যক্তিগত কথা। কিন্তু এজন পুৰুষৰ ওচৰত নিৰ্যাতিতা হৈও সেই কপালত জিলিকি থকা সেন্দুৰৰ কাৰণেই আন এজন পুৰুষৰ হাতত নিৰ্যাতিতা নহয়। আমাৰ সমাজ যিমানেই শিক্ষিত নহওঁক কিয় আবিয়ৈ হৈ থকা মহিলা এগৰাকীক নাইবা অকালতে কপালৰ সেন্দুৰ মচি দিব লগা হোৱা স্ত্ৰী গৰাকীক অসৎ দৃষ্টিৰেই চাই। ইয়াৰ মূলতে সেই সেন্দুৰ খিনি। সেন্দুৰ কপালত থকালৈকে নাৰী গৰাকীক শুদ্ধ দৃষ্টি দিয়ে। কিন্তু যেতিয়া তেওঁ বিধৱা হয় সেই সেন্দুৰখনৰ কাৰণেই শুভ কামত আগভাগ ল'ব নিদিয়ে।
মানুহৰ জন্ম, মৃত্যু, বিবাহ এইটো ভাগ্য ই নিৰ্ধাৰণ কৰে। সেন্দুৰ কপালত লোৱা আৰু নোলোৱাটো নাইবা ভালপোৱা জনক শ্ৰদ্ধা কৰা ,নকৰাটো , ঈশ্বৰৰ ওচৰত আস্থা ৰখাটো বা নৰখাটো সম্পূৰ্ণ নিজৰ ওপৰত নিৰ্ভৰ কৰে। কোনোবাই দীঘলকৈ কপালত সেন্দুৰৰ লগাইও অকালতে বিধবাৰ সাঁজ পিন্ধিছে সেয়া ভাগ্যৰ ফল। এগৰাকী বিবাহিত স্ত্ৰী হিচাপে স্বামীৰ দীৰ্ঘায়ুৰ বাবে ভগৱানৰ নাম উচ্চাৰণ কৰি তিনিবাৰ কপালত সেন্দুৰ লোৱাটো উচিত। ভক্তিৰে বিহ এখনি উচৰ্গা কৰিলেও সেয়া ভগৱানে গ্ৰহণ কৰে।
সেয়ে মানুহ জনৰ স্ত্ৰী হিচাপে তেওঁৰ নামত লোৱা সেন্দুৰৰ টেমাটো ঘৰলৈ থাকিবলৈ আহা আলহীক সেন্দুৰ লগাবলৈ প্ৰয়োজন হ'লে লগাবলৈ দিব নালাগে। আলহীৰ বাবে বেলেগেই ৰাখে সেন্দুৰ। তেওঁ লোকৰ বাবে নিজেই প্ৰতিদিনে ভগৱানে নামত উচৰ্গা কৰা মানুহ জনৰ বাবে লোৱা সেন্দুৰ আগবঢ়াব নালাগে। লগতে সেন্দুৰ লওঁতে ঈশ্বৰৰ নাম তিনিবাৰ ল'ব লাগে
শ্ৰী কৃষ্ণাই নমঃ।
বাসুদেৱাই নমঃ ।
গোবিন্দ আই নমঃ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ