সন্ধিয়াৰ ৰ’দজাক মাটিত পৰি সোণালী ৰং সিঁচি দিলেহি । বাতৰিটোৰ পাতত চকু ফুৰাই থকা অৰুণিমা এবাৰ বাৰাণ্ডালৈ ওলাই আহিল। তাইৰ মনটো আজি অকণমান উত্ৰাৱল। কিয়নো আজি তাইৰ প্ৰিয়জন আহিব বুলি কৈছিল। অয়নৰ সৈতে তাইৰ সম্পৰ্কটো নতুন নহয়, কিন্তু তাৰ সতে হোৱা প্ৰতিটো সাক্ষাতেই যেন নতুনকৈ জিলিকি উঠে।
অয়ন আহিল সন্ধিয়াৰ ঠিক আগমুহূৰ্তত। অয়নৰ হাতত এটা সৰু পেকেট। তাইৰ মনটো উত্ৰাৱল হৈ উঠিল।
“এইটো কি?” অৰুনিমাই সুধিলে, হাঁহি এটা মুখত লৈ।
অয়নে হাঁহি এটা মাৰি ক’লে, “এইটো তোমাৰ বাবে।”
পেকেটখন মেলি চালে তাই । ভিতৰত আছিল এখন হাতেৰে লিখা কবিতাৰ কিতাপ। প্ৰতিটো কবিতাত অয়নৰ অনুভূতি, তাইৰ প্ৰতি থকা মৰম আৰু ভালপোৱাৰ কথা লিপিবদ্ধ হৈ আছে ।
“এইবোৰ তুমি লিখিছা?” তাই বিস্ময়ত সুধিলে।
অয়নে মাথোঁ হাঁহি এটা মাৰিলে। “হয়, তোমাৰ বাবেই লিখিছো। মোৰ অনুভূতিবোৰ শব্দৰে সজাবলৈ চেষ্টা কৰিছো।”
অৰুনিমাৰ চকুযুৰী তিতি উঠিল। তাইৰ বাবে এনে এটা উপহাৰৰ কথা তাই কল্পনাও কৰা নাছিল। তাই অয়নৰ ওচৰ চাপি গ’ল আৰু ক’লে, “I love you Ayan।”
সন্ধিয়াৰ সোণালী ৰ’দজাকে সাক্ষী ৰাখি দুয়োৰো মাজত এটা নীৰৱ মুহূৰ্ত পাৰ হ’ল। অয়নে তাইৰ হাতখন ধৰিলে আৰু ক’লে, “মোৰ জীৱনত তুমিয়েই মোৰ প্ৰথম আৰু শেষ প্ৰেম। মই সদায় তোমাৰ হৈ তোমাৰ ওচৰতে থাকিম।”
তাই মাথোঁ হাঁহি এটা মাৰিলে। তাইৰ মনটো আজি বহুত ভাল্ লাগিছে । সন্ধিয়াৰ সোণালী ৰং যেন দুয়োৰো প্ৰেমৰ সাক্ষী হৈ ৰ’ল।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ