অব্যক্ত অনুভৱ••নিচিতা ওৰাং

@admin
0
এই যে নিজৰ মাজতেই কিছুমান অব্যক্ত কাহিনী লৈ জীয়াই থকা মানুহবোৰ, কিমান সহজ বাৰু তেওঁলোকৰ জীৱন যাত্রা। আনৰ দৰেই সুন্দৰ, সহজ-সৰল জীৱন এটি যে তেওঁলোকেও বিচাৰে কিন্তু সময়ে তেওঁলোকৰ জীৱনত এনেকুৱা কিছুমান পৰিস্থিতিৰ সৃষ্টি কৰি দিয়ে যিখিনিৰ কল্পনা হয়তো তেওঁলোকে কোনোদিনেই কৰা নাছিল। জীৱনটোত কিছুমান সৰু ডাঙৰ ভুলে গোটেই জীৱনটোয়েই খেলি-মেলি কৰি পেলাই। প্রত্যেক দিনাই তেওঁলোকে নিশা আন্ধাৰৰ সুযোগ লৈ সকলোবোৰ দুখ অশ্ৰুৰ টোপালবোৰৰ সৈতে বোৱাই দিয়াৰ অটুট চেষ্টা চলাই, কিন্তু নাই...শেষত যেন সেইয়াও ব্যৰ্থ। তাৰ পিছতেই, পুনৰ দ্বিতীয় দিনৰ সূৰ্য্য উদয়ৰ লগতেই এটি কৃত্রিম হাঁহি লৈ জীৱন জীয়াৰ প্রচেষ্টাৰে আগুৱাই যায়। এনেদৰে জীৱন জীয়াই থকাৰ সাহস হয়তো সকলোৰে নাথাকে। আন মানুহবোৰতকৈ বহুগুণেই সাহসী তেওঁলোক। 

    শেষত তেওঁলোকক এইয়াই কওঁ, হয় সকলোৰে জীৱন যাত্রা একেই নহয়। তথাপিও আমি ৰৈ দিব নোৱাৰো আগুৱাই যাবই লাগিব। জীৱনটোত হয়তো বহুতে বহুতখিনি দিব সেই সকলোবোৰকে সামৰি আগবাঢ়িব লাগিব। সুখবোৰক সাহস হিচাপে আৰু দুখবোৰক অভিজ্ঞতা হিচাপে লৈ। তেতিয়া চাব চোন আপোনাৰ প্ৰত্যেকটো দিনৰ সেই কৃত্রিম হাঁহিটি সচাঁলৈ পৰিৱৰ্তিত হৈ পৰিব।।

                                                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)