তুমি আছা বাবেই••হীৰক জ্যোতি দাস

@admin
0
তুমি আছা বাবেই 
মৰমৰ নৈ খন হৃদয়ত অহৰহ বৈ থাকে 
ভালপোৱাৰ মিঠা অনুৰাগৰ সুগন্ধি 
অহৰহ  বিয়পি থাকে মোৰ চৌপাশে
 তুমি আছা বাবেই 
নিখুঁত হাঁহিৰ পেৰাটো লগতে কঢ়িয়াও
সজল দুচকুত হাঁহিৰ সঁফুৰা বিয়পি থাকে 
 তুমি আছা বাবেই 
ভাল লগাৰ সেউজীয়া অনুভৱ খিনি 
বুকুতে কঢ়িয়াই ফুৰো প্ৰতিপল.......
তুমি আছা বাবেই 
অচিন চৰাইটি য়ে আহি শুৱলা
  কণ্ঠৰে প্ৰণয়ন গীত গাই 
  তুমি আছা বাবেই 
হৃদয়ৰ কানানত মৰহি যোৱা 
ভাল পোৱাৰ ফুলপাহ পুনৰ 
সজীৱ হৈ উঠিছে ।
 তুমি আছা বাবেই 
পদূলি মুখৰ কৃষ্ণচূড়া জোপাত 
এপাহি কৃষ্ণচূড়া ফুলিছে।
    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)