তুমি কিয় মিচিং কন্যাৰ চকুত বিচাৰিছা সুখ?
চেকী বাঁহীৰ সুৰ শুনিলেই মন আজি হয় উন্মনা
তাইৰ মুখৰ গান যেন শুনিবলৈ অধীৰ মোৰ প্ৰাণ।
তোমাৰ মুখত মিচিং শব্দ, মোৰ মুখত অসমীয়া
ভাষা পৃথক আমাৰ দুয়োৰে কিন্তু মন একেটাই,
তথাপি কিয় আজি এই বিসঙ্গতিয়া?
ফুলাম গামোচাত মৰমৰ বান্ধোন,
এদিন দিম তোমাক এখনি চেলেং
তুমি মোৰ আঙুলিত বান্ধিবা মৰমৰ বান্ধোন।
তোমাৰ লাজৰ ৰেঙনিত মাজনিশাৰ চন্দ্ৰমা জিলিকে
আশাৰ সংগ্ৰামৰ অনুভৱত; হৃদয় আজি জ্বলে,
ব্ৰহ্মপুত্ৰৰ ঢৌৱে কয়, অব্যক্ত প্ৰেমৰ কথা
কিন্তু সময়ৰ সোঁতত, নিগৰি যায় সপোনৰ গাঁথা।
✍️চিন্ময় অনুৰাগ নাথ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ