এজন গাঁৱলীয়া লৰা স্নাতকোত্তৰ পাছ কৰি চহৰলৈ আহিল। তেওঁ চহৰত আহি কাম বিচাৰিবলৈ আৰম্ভ কৰিলে । তেওঁ ভালকৈ গাড়ী চলাবলৈ জানে। এদিনাখন ৰুমৰ পৰা চহৰলৈ কাম বিচাৰি যাওঁতে এজন মানুহক লগ পালে। মানু্হ জনৰ লগত বিভিন্ন ধৰণৰ কথা বতৰা চলি থকাৰ মাজতে, সেই লৰা জনে গাড়ী চলাব জানো বুলি কলে। গাড়ী চলাব জানো বুলি কোৱাত লৰা জনক মানু্হ জনৰ ঘৰত লৈ গ'ল । লৰা জনৰ নাম আছিল অজয় ফুকন। লৰা জনে ভাল গল্পও লিখে। লৰাজনৰ গল্প পঢ়ি সকলোৱে ভাল পাইছিল । মানু্হ জনৰ ঘৰত এজনী ছোৱালী আছিল, তাইৰ নাম আছিল জিউ, তাই স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী আছিল। ছোৱালীজনীক অনা নিয়াৰ কাৰণে অজয় ফুকনক গাড়ী চালক হিচাপে ৰাখিলে। অজয় ফুকনে সময় পালে মাজে মাজে গল্প ও লিখে। কিন্তু গল্পত তেওঁ বিজয় দাস হিচাপে জনপ্ৰিয় হৈ পৰিছে । তৃতীয় ষাণ্মাসিকৰ ছোৱালীজনী মানে জিউ য়ে মাজে সময় কিতাপ পঢ়াৰ উপৰিও বাহিৰা গল্প ও পঢ়িছিল। এদিনখন হঠাৎ কলেজৰ পুথিভঁৰালত এখন কিতাপত বিজয় দাসৰ গল্প এটা দেখা পালে, তাই নপঢ়াকৈ থাকিব নোৱাৰিলে। তাই বিজয় দাসৰ গল্পবোৰ কিতাপৰ দোকানে দোকানে বিচাৰিবলৈ ধৰিলে। বিজয় দাসক নেদেখাকৈ তেওঁৰ গল্প পঢ়িয়ে কিবা এটা ভাল লাগিব ধৰিলে । লাহে লাহে জিউয়ে বিজয় দাসৰ প্ৰেমত পৰিলে। ছোৱালী জনীয়ে বিজয় দাস ক লগ কৰিবৰ কাৰণে হেঁপাহ কৰিলে । এদিনাখন ছোৱালীজনীয়ে বিজয় দাসৰ গল্প উলিওৱা printing press ত গৈ বিজয় দাসৰ ফোন নম্বৰটো আনিলে । ছোৱালীজনী লাহেকৈ ফোনত কথা পতা আৰম্ভ কৰিলে । গল্পৰ মাজতে দুয়োৰে প্ৰেম হৈ গ'ল। কলেজত অনা নিয়া কৰা অজয় ফুকনকো,গাড়ীৰ ভিতৰতে বিজয় দাসৰ কথা কৈ আউলি বাউলী হ'ল। বিজয় দাসে য়ে কোন দিনা ভাল পাঁও বুলি কব সেইটো লৈ বাট চাই আছে। দুয়োৰে প্ৰেম গভীৰ হ'ল। ছোৱালীজনীয়ে ফোনত বিজয় দাসক লগ ধৰাৰ কথা কলে, বিজয় দাসে বিভিন্ন ধৰনৰ অজুহাত দেখুৱাই দিয়ে। আনকি ফোনত ফটো খুঁজিলে, বিজয় দাসে পিছত দিম বুলি কৈ ফোনটো কাটি দিয়ে। এনেদৰে দিনবোৰ পাৰ হব ধৰিলে। এদিনাখন ছোৱালীজনীক কলেজত থব যাওতে অজয় ফুকনে (বিজয় দাস)ছোৱালীজনীক, মই তোমাক ভাল পাওঁ বুলি কলে, ছোৱালীজনীযে বেলেগ একো কথা কবয়ে নিদিলে অজয় ফুকনক বহুত বেয়াকৈ গালি পাৰিব ধৰিলে। জিউয়ে দেউতাকৰ হতুৱাই অজয় ফুকনক কামটোৰ পৰা এৰি যাবলৈ কলে । কিন্তু ছোৱালীজনী কেতিয়াও গম পোৱা নাছিল সেই গল্পকাৰ বিজয় দাস যে অজয় ফুকন আছিল। শেষত অজয় ফুকনে চহৰ এৰি নিজ গাঁৱলৈ উভতি আহিল আৰু দুয়োৰে লাহে লাহে যোগাযোগ নোহোৱা হৈ পৰিল। ছোৱালী জনীয়ে বিজয় দাসক বিচাৰি পাগলী হৈ গ'ল। এনেকৈ দিন বোৰ পাৰ হৈ গল ।।
✍️বিমান ডেকা

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ