শিপিনীৰ সৃষ্টিত শৰাইখনি -চিন্ময় অনুৰাগ নাথ

©Admin
0
শিপিনীৰ সেউজী হাতত
সপোনে তোলে ফুলাম সঁজুলি,
শৰতৰ সুবাস যেন
সুৰুযৰ কিৰণ ধূলি!

গামোচাৰ ৰঙীন গাঁথনিত
উজলিছে এটি জীৱনৰ কাহিনী,
যুগে যুগে জীয়াই আছে
অসমী আইৰ স্নেহ-পৰম্পৰাৰ গাঁথনি।

গামোচাত সূতাৰে সজাইছে আজি
অসমীয়াৰ সন্মানৰ শৰাইখনি,
জীৱন-বাটত আলোক ছটিয়াই
নম্ৰ ভক্তিৰ প্ৰতিধ্বনি।

ফুলাম গামোচাৰ প্ৰতিটো ৰেখাত
আছে মাতৃভূমিৰ সোৱাদ,
অসমীয়াৰ মৰম বুটলি
শিপিনীয়ে লিখে জয়গান।

ৰঙীন সূতাৰে তোলো আহা
অসমী আইৰ একতাৰ গাঁথনি,
শিপিনীৰ হাতত বৈ যায়
ঐতিহ্য জীৱন-সুৰৰ ধ্বনি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)