অপেক্ষা-লক্ষীমা তেলী

©Admin
0
সকলোবোৰ শেষ হৈ গ'ল 
ফাগুনৰ পছোৱাই বতাহ মোহাৰি 
থৈ গ'ল আশাৰ সেউজীয়া বাট 
জালিকটা হৃদয়ত লাগি ৰ'ল 
সোঁৱৰণিৰ আঁক- বাঁক আঁত


আঁকি- পুৰা কলগছ এডালৰ দৰে
গৈ আছে জীৱনটো
আগলতি কলাপাতখন হৈ 
হেঁপাহবোৰ লৰি আছে 
নিতৌ মায়া জাল হৈ 

তুলসী গছৰ তলত নিৰ্মালি চাকিটিও হামিয়াই- হিকটিয়াই বহি আছে
ঈশ্বৰৰ আজন্ম আপেক্ষাত 

সকলো শেষ হোৱাৰ পিছতো 
সকলো আঁতৰি যোৱাৰ পিছতো
শেষ হৈ নাযায় কাৰো বুকুৰ পৰা 
অপেক্ষা মাথোন অপেক্ষা । 
        


                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)