বিশ্বাসৰ পথাৰখন মৰহি যায়,
অস্ত্ৰবোৰ উন্মাদিত হৈ পৰে
কাৰোবাৰ খুনৰ দায়ী হ'বলৈ।
আপোন-পৰৰ হিচাপ নুবুজে
কেৱল নিজকে ৰজা সজাই
নির্লজ্জভাৱে যুদ্ধ চলাই
সুখৰ যাত্ৰাক ভস্ম কৰি।
ক্ষেপণীয় বোমা বাৰুদৰ দৰে
প্ৰতিটো কথাই ক্ষত-বিক্ষত কৰে,
হিংসাৰ দাবানলত নিজে জ্বলি
আনকো জ্বলাব খোজে।
প্ৰতিজ্ঞাবদ্ধ কাহিনীবোৰ
পলকতে ছিন্ন-বিছিন্ন,
অশান্তিৰ ৰুদ্ধ বজাৰত
নগ্ন মুখা পিন্ধা চৰিত্ৰ।
স্বাৰ্থ পূৰণৰ নিমিত্তে
দিশহাৰা হৃদয়ে সৰু-ডাঙৰ নুবুজে,
আতংকৰ বাস্তৱ চহৰত
নিষ্ঠুৰতাৰ ছবি ফুটি উঠে।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ